কাইলৈৰ পৰা ৰঞ্জি ট্রফীঃ বর্ষাপাৰা ক্রিকেট ষ্টেডিয়ামত অসমৰ প্রথম প্রতিদ্বন্দ্বী ছার্ভিচেছ

নিউজডেস্ক, ৮ ডিচেম্বৰঃ সোমবাৰৰ পৰা দেশজুৰি আৰম্ভ হ’ব বি চি চি আইৰ সবাতোকৈ মর্যাদাপূর্ণ ক্রিকেট প্রতিযোগিতা ৰঞ্জি ট্রফী ৷ প্রতিবছৰৰ দৰে এইবাৰো ৰঞ্জি ছিজনৰ পূর্বে অসম দলক লৈ ক্রিকেটপ্রেমীৰ মাজত আৰম্ভ হৈছে অনেক আশা–প্রত্যাশা আৰু জল্পনা–কল্পনা ৷ বিশেষকৈ অসম ক্রিকেট সন্থাই এইবাৰ খেলুৱৈসকলক পর্যাপ্ত মেচ অনুশীলন, এক্সপ’জাৰ ট্যুৰৰ সুবিধা আগবঢ়োৱাত অসম দলটোক লৈ ক্রিকেটপ্রেমীৰ প্রত্যাশা পূর্বৰ তুলনাত যথেষ্ট  বৃদ্ধি পাইছে ৷ ঘৰুৱা ছিজনৰ পূর্বে দীঘলীয়া প্রস্তুতিৰ সুযোগ লাভৰ পাছতো দলটোৱে অৱশ্যে সদ্যসমাপ্ত চৈয়দ মুস্তাক আলী টি–২০ আৰু বিজয় হাজাৰে এদিনীয়া ট্রফী ক্রিকেট প্রতিযোগিতাত শোচনীয়ভাৱে ব্যর্থ হৈছে ৷ এনে প্রেক্ষাপটত ৰঞ্জি ট্রফীত অসমৰ প্রদর্শন যথেষ্ট লক্ষণীয় হৈ পৰিছে ৷

এইবাৰ গকুল, ঋষভ আৰু শিৱশংকৰ ৰয়ৰ দৰে অভিজ্ঞ বেটছমেনেই অসমৰ প্রধান ভৰসা হ’ব ৷ ইফালে, আই পি এলত চমক দেখুওৱা সম্ভাৱনাময় তাৰকা ৰিয়ান পৰাগ এইবাৰ অসম দলটোৰ আকর্ষণৰ কেন্দ্রবিন্দু হ’ব ৷ অকল ৰাজ্যৰে নহয়, সমগ্র দেশৰ ক্রিকেট অনুৰাগীৰ দৃষ্টি নিবদ্ধ থাকিব ১৯ বছৰীয়া অলৰাউণ্ডাৰগৰাকীৰ ওপৰত ৷ অভিজ্ঞ মিডিয়াম পেচাৰ অৰূপ দাসে প্রতিবছৰৰ দৰে এইবাৰো অসমৰ বলিং আক্রমণৰ নেতৃত্ব বহন কৰিব লাগিব ৷ লগতে বেগী বলাৰ প্রীতম দাস আৰু ৰঞ্জিৎ মালীয়ে তেওঁক সহযোগিতা আগবঢ়াব ৷ নৱাগত স্পীনাৰ ৰোছন আলমৰ প্রদর্শনো লক্ষণীয় হ’ব ৷ উল্লেখ্য যে অসমে এইবাৰ ৰঞ্জি ট্রফীৰ প্রথম দুখন মেচ ঘৰুৱা গ্রাউণ্ড বর্ষাপাৰাত খেলাৰ সুযোগ পাইছে ৷ সোমবাৰৰ পৰা দলটো ছার্ভিচেছৰ মুখামুখি হ’ব ৷ ইয়াৰ পিছতে ১৭ ডিচেম্বৰৰ পৰা অসমে ঝাৰখণ্ডৰ বিৰুদ্ধে খেলিব ৷

Featured
Comments (0)
Add Comment