কাজাখস্তানত হ’ব ভাৰত-পাকৰ ডেভিছ কাপৰ মেচ

নিয়মীয়া বাৰ্তা,২০ নৱেম্বৰঃ দীৰ্ঘদিনীয়া বিতৰ্ক আৰু উৎকণ্ঠাৰ অন্ত পেলাই আন্তঃৰাষ্ট্ৰীয় টেনিছ ফেডাৰেচনে ভাৰত-পাকিস্তানৰ বহু প্ৰত্যাশিত ডেভিছ কাপৰ মেচখন কাজাখস্তানলৈ স্থানান্তৰিত কৰিছে । খেলুৱৈ আৰু বিষয়ববীয়াসকলৰ নিৰাপত্তা আৰু সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি ফেডাৰেচনে এই সিদ্ধান্ত গ্ৰহণ কৰে । মন কৰিবলগীয়া যে, অহা ২৯-৩০ নৱেম্বৰত অনুষ্ঠিত হ’বলগীয়া ডেভিছ কাপৰ গুৰুত্বপূৰ্ণ মেচখন ইছলামাবাদত হ’বলগীয়া আছিল যদিও নিৰাপত্তাজনিত কাৰণত ভাৰতীয় টেনিছ ফেডাৰেচনে নিৰপেক্ষ ভেন্যুৰ দাবী উত্থাপন কৰিছিল । ভাৰতৰ এই দাবীৰ প্ৰতি সঁহাৰি জনাই আন্তঃৰাষ্ট্ৰীয় টেনিছ ফেডাৰেচনে মঙলবাৰে মেচখন কাজখস্তানৰ নুৰ চুলতানত খেলোৱা হব বুলি ঘোষণা কৰে । উল্লেখ্য যে, কেন্দ্ৰীয় চৰকাৰে জম্মু আৰু কাশ্মীৰৰ পৰা ৩৭০ নং অনুচ্ছেদ বাতিল কৰাৰ পিচতে চুবুৰীয়া ৰাষ্ট্ৰ দুখনত সৃষ্টি হোৱা উত্তেজনাময় পৰিৱেশৰ বাবে মেচখন আয়োজনৰ ক্ষেত্ৰত অনিশ্চয়তাৰ সৃষ্টি হৈছে । ইফালে, কান্ধৰ আঘাতৰ বাবে ডেভিছ কাপৰ গুৰুত্বপূৰ্ণ মেচখনৰ পৰা নাম প্ৰত্যাহাৰ কৰিছে ভাৰতৰ আগশাৰীৰ ডাবলছ খেলুৱৈ ৰোহণ বোপান্নাই । একেদৰে ইছলামাবাদৰ পৰা মেচ স্থানান্তৰৰ প্ৰতিবাদত পাকিস্তানৰ তাৰকা ডাবলছ খেলুৱৈ এইছাম উল হক কুৰেশ্বিয়ে প্ৰতিযোগিতাৰ পৰা নাম প্ৰত্যাহাৰ কৰা বুলি মঙলবাৰে ঘোষণা কৰে ।