কাপোৰ ধুই, বাথৰুম পৰিষ্কাৰ কৰি সময় অতিবাহিত কৰিছে শিখৰ ধাৱনে

নিয়মীয়া বাৰ্তা, ২৬ মাৰ্চঃ মহামাৰী ক’ৰোনা ভাইৰাছৰ বাবে বিশ্বৰ লগতে সম্প্ৰতি ভাৰতীয় ক্ৰীড়াক্ষেত্ৰও স্থবিৰ হৈ পৰিছে । যাৰ বাবে ঘৰতে সময় অতিবাহিত কৰিছে খেলুৱৈসকলে । ইয়াৰ ব্যতিক্ৰম নহয় ভাৰতীয় ক্ৰিকেট দলৰ বাঁওহতীয়া তাৰকা বেটছমেন শিখৰ ধাৱান ।

তিনিসপ্তাহজোৰা লকডাউনৰ সময়ছোৱাত ক্ৰিকেটাৰগৰাকীয়ে ঘৰতে আবদ্ধ হৈ কাপোৰ ধোৱা আৰু বাথৰুম পৰিষ্কাৰ কৰাত ব্যস্ত হৈ পৰিছে । যাৰ এক ভিডিঅ’ ছ’চিয়েল মিডিয়াযোগে ভাইৰেল হৈ পৰিছে ।

উল্লেখ্য যে ক’ৰোনা ভাইৰাছৰ বাবে ক্ৰিকেটাৰজনে বিগত সপ্তাহৰ পৰায়ে নিজকে ঘৰতে আবদ্ধ কৰি ৰাখিছে ।

Comments (0)
Add Comment