কোহলিৰ অনন্য কৃতিত্ব অর্জন

নিয়মীয়া বাৰ্তা, ১২ জানুৱাৰীঃ অধিনায়ক হিচাপে দ্রুতগতিত ১১ হাজাৰ আন্তর্জাতিক ৰান কৰাৰ অনন্য কৃতিত্ব অর্জন কৰিলে টীম ইণ্ডিয়াৰ অধিনায়ক বিৰাট কোহলিয়ে৷ শ্রীলংকাৰ বিপক্ষে শুকুৰবাৰে নিশা পুনেত খেলা তৃতীয়খন টি–২০ত ব্যক্তিগতভাৱে ১ ৰান কৰাৰ লগে লগে এই গৌৰৱৰ অধিকাৰী হয় কোহলি৷

১৬৯খন আন্তর্জাতিক মেচত কোহলিয়ে ১১ হাজাৰ ৰান পূর্ণ কৰে৷ ইফালে, অধিনায়ক হিচাপে এই মাইলষ্ট’ন অতিক্রম কৰা কোহলি হ’ল ভাৰতৰ দ্বিতীয় আৰু বিশ্বৰ ষষ্ঠগৰাকী অধিনায়ক৷

ইপিনে আই চি চি টি–২০ ৰেংকিঙৰ বেটছমেন শাখাত স্থানৰ উন্নতি ঘটিছে টীম ইণ্ডিয়াৰ অধিনায়ক বিৰাট কোহলিৰ লগতে বাঁওহতীয়া অ’পেনাৰ শিখৰ ধাৱনৰ৷

সদ্য প্রকাশিত ৰেংকিঙত কোহলিয়ে এটা স্থান আগুৱাই নৱম স্থানলৈ উন্নীত হয়৷ ইফালে, ধাৱনৰো এটা স্থান উন্নতি ঘটি পঞ্চদশ স্থানটো অধিকাৰ কৰে৷

Comments (0)
Add Comment