কোহলিৰ পাছত কোন? নাম ওলাইছে এইজন ক্ৰিকেটাৰৰ…

নিয়মীয়া বাৰ্তা, ১৬ জানুৱাৰী : বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত নিউজিলেণ্ডৰ হাতত পৰাজিত হোৱাৰ পিছত বিচিচিআইৰ পাঁচজন বিষয়াই মুম্বাইত মিলিত হৈ বিৰাট কোহলীৰ অধিনায়কত্ব আৰু বিভিন্ন ফৰ্মেটৰ বিভিন্ন অধিনায়কৰ বিষয়ে আলোচনা কৰে। ১৬ ছেপ্টেম্বৰত, বিৰাটে টি-২০ বিশ্বকাপৰ পিছত ক্ৰিকেটৰ আটাইতকৈ চুটি ফৰ্মেট টি-২০ ক্ৰিকেটত অধিনায়ক হিচাপে পদত্যাগ কৰাৰ কথা ঘোষণা কৰে। কিন্তু আচৰিত কথা যে চাৰি মাহৰ ভিতৰতে বিৰাটে এতিয়া কোনো ফৰ্মেটতে টীম ইণ্ডিয়াৰ অধিনায়ক নোহোৱাৰ কথা ঘোষণা কৰিছে। ৰোহিত শৰ্মাক ইতিমধ্যে এদিনীয়া আৰু টি-২০ত অধিনায়ক ঘোষণা কৰা হৈছে।

কিন্তু টেষ্ট দলৰ অধিনায়ক কোন হ’ব ? বিচিচিআইৰ সূত্ৰই জনোৱা অনুসৰি এতিয়াও সিদ্ধান্ত লোৱা হোৱা নাই যদিও কে এল ৰাহুলেই হ’ব ভাৰতীয় ক্ৰিকেট দলৰ নতুন টেষ্ট অধিনায়ক। উল্লেখ্য যে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে জোহান্সবাৰ্গ টেষ্টত কে এল ৰাহুলে প্ৰথমবাৰৰ বাবে টেষ্ট দলৰ অধিনায়ক হোৱাৰ সুযোগ লাভ কৰিছিল, অৱশ্যে ভাৰতীয় দলটো সেই মেচত পৰাজিত হৈছিল।