ক্ৰিকেটৰ পথাৰত যাদু ! এখন ৰুমালক লাঠিলৈ ৰূপান্তৰ কৰিলে এজন ব’লাৰে । চাওক এই ভিডিঅ’-

নিয়মীয়া বাৰ্তা, ৬ ডিচেম্বৰঃ ইতিমধ্যে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা এটা ভিডিঅ’ । য’ত বৃহস্পতিবাৰে এজন ব’লাৰে উইকেট দখলৰ পাছত উৎফুল্লিত হৈ পকেটৰ ৰুমালখন যাদুৰ জৰিয়তে পলকতে ৰূপান্তৰ ঘটালে এডাল দীঘল লাঠিলৈ ।

উল্লেখ্য যে দক্ষিণ আফ্ৰিকাত চলি থকা মাজানছী চুপাৰ লীগৰ এখন খেলত বৃহস্পতিবাৰে ডাৰ্বান হিতৰ বিপক্ষে পাৰ্ল ৰকছৰ খেলুৱৈ স্পীনাৰ তাবৰিয়াজ চামচিয়ে এটা উইকেট দখল কৰি এই যাদু প্ৰদৰ্শন কৰে । ইপিনে এই যাদুৰ পাছতে স্পীনাৰ তাবৰিয়াজ চামচিক খেলুৱৈ সমাজে ব্যাপক প্ৰশংসা কৰিছে ।

Comments (0)
Add Comment