ক’ৰোনাত আক্রান্ত ক্রিকেটাৰ এলেক্স হালছ

নিয়মীয়া বাৰ্তা, ১৮ মার্চঃ ইংলেণ্ড ক্রিকেট দলৰ বেটছমেন এলেক্স হালছ ক’ৰোনা ভাইৰাছত আক্রান্ত হৈছে৷ এই দাবী পাকিস্তান ক্রিকেট দলৰ প্রাক্তন অধিনায়ক তথা ধাৰাভাষ্যকাৰ ৰামিজ ৰাজাৰ৷ মহামাৰী ক’ৰোনা ভাইৰাছৰ বাবে শেহতীয়াকৈ বাতিল হোৱা পাকিস্তান ছুপাৰ লীগত অংশগ্রহণ কৰা ইংলেণ্ডৰ ক্রিকেটাৰগৰাকীৰ শৰীৰত ক’ৰোনা ভাইৰাছৰ লক্ষণ দেখা দিয়া বুলি দাবী কৰিছে ৰামিজ ৰাজাই৷ ইয়াৰ বাবে এলেক্স হালছে দেশখনৰ আন খেলুৱৈৰ সৈতে প্রতিযোগিতাখনৰ মাজভাগৰ পৰাই স্বদেশলৈ ৰাওনা হোৱা বুলিও পাকিস্তানৰ প্রাক্তন ক্রিকেটাৰগৰাকীয়ে মন্তব্য কৰে৷

উল্লেখ্য যে প্রতিযোগিতাখনত কৰাচী কিংছক প্রতিনিধিত্ব কৰিছিল ইংলেণ্ডৰ খেলুৱৈগৰাকীয়ে৷ ইফালে, এই সন্দর্ভত এলেক্স হালছে আজি কয় যে পাকিস্তান ছুপাৰ লীগৰ সময়ছোৱাত তেওঁ জ্বৰত আক্রান্ত হোৱাৰ লগতে শুকান কাহো হৈছিল৷ বর্তমানলৈকে খেলুৱৈগৰাকীয়ে ক’ৰোনা ভাইৰাছত আক্রান্ত হোৱাৰ পৰীক্ষা কৰা নাই বুলি উল্লেখ কৰি এলেক্স হালছে কয় যে তেওঁ ঘৰতে ইয়াৰ প্রতিকাৰ কৰি আছে৷

Comments (0)
Add Comment