ক’ৰোনাত মৃত্যু হ’ল স্পেইনৰ ফুটবল প্রশিক্ষকৰ

নিয়মীয়া বাৰ্তা, ১৮ মার্চঃ বিশ্বৰ বিভিন্ন প্রান্তত ত্রাসৰ সৃষ্টি কৰা ক’ৰোনা ভাইৰাছৰ বাবে প্রাণ গ’ল স্পেইনৰ এগৰাকী প্রতিভাৱান ফুটবল প্রশিক্ষকৰ৷ মাত্র ২১ বছৰ বয়সতে মৃত্যুক সাবটিলে স্পেইনৰ যুৱ দল মালাগা ক্লাব এটলেটিকো প’টাডা আল্টাৰ প্রশিক্ষক ফ্রান্সিছকো গার্ছিয়াই৷ কম সময়ৰ ভিতৰতে প্রশিক্ষক জীৱনত সুনাম অর্জন কৰিবলৈ সক্ষম হোৱা গার্ছিয়া কর্কট ৰোগত আক্রান্ত হোৱা বুলি চিকিৎসালয়লৈ গৈছিল যদিও প্রশিক্ষকগৰাকী মাৰাত্মক ক’ৰোনা ভাইৰাছত আক্রান্ত হোৱাটো ধৰা পেলায় চিকিৎসকে৷ কিন্তু এই ভাইৰাছবিধৰ পৰা ২১ বছৰীয়া গার্ছিয়াই আৰোগ্য লাভ নকৰিলে৷ ২০১৬ চনত এটলেটিকো প’টাডা আল্টাৰ প্রশিক্ষকৰ দায়িত্ব গ্রহণ কৰা গার্ছিয়া হ’ল দেশখনত ক’ৰোনা ভাইৰাছত আক্রান্ত হৈ মৃত্যুবৰণ কৰা সর্বকনিষ্ঠ ব্যক্তি৷ ক্লাবটোৱে এক বিবৃতিত সদৰী কৰা মতে ২১ বছৰীয়া গার্ছিয়াই যোৱা দেওবাৰে ক’ৰোনা ভাইৰাছত আক্রান্ত হৈ মৃত্যুবৰণ কৰে৷ প্রতিভাৱান প্রশিক্ষকগৰাকীৰ মৃত্যুৰ খবৰে সমগ্র দেশখনতে শোকৰ ছাঁ পেলায়৷ দেশখনত ক’ৰোনা ভাইৰাছে মহামাৰী ৰূপ ধাৰণ কৰাৰ পৰিপ্রেক্ষিতত আগশাৰীৰ ফুটবল প্রতিযোগিতা লা লিগাৰ লগতে প্রিমিয়াৰ লীগ, চেম্পিয়নছ লীগ, ছিৰি এ স্থগিত ৰখা হৈছে৷

উল্লেখ্য যে এই ক’ৰোনা ভাইৰাছত বিশ্বজুৰি এক লাখ ৭০ হাজাৰৰো অধিক লোক আক্রান্ত হৈছে আৰু ৭ হাজাৰৰো অধিক লোক ইতিমধ্যে মৃত্যুমুখত পৰিছে৷

ইফালে, এই মাৰাত্মক ক’ৰোনা ভাইৰাছত আক্রান্ত হৈছে জাপান অলিম্পিক কমিটীৰ উপ–মুৰব্বী ক’জ’ টাছিমাও৷ দেশখনৰ এক নির্ভৰযোগ্য সূত্রই সদৰী কৰা মতে জাপান অলিম্পিক কমিটীৰ উপ–মুৰব্বী টাছিমাৰ শৰীৰত ক’ৰোনা ভাইৰাছৰ লক্ষণ ধৰা পৰিছে৷

Comments (0)
Add Comment