‘খেলো ইণ্ডিয়া য়ুথ গেমছ’ উদ্বোধনৰ বাবে ১০ জানুৱাৰীত অসমলৈ আহিব প্রধানমন্ত্রী !

নিউজডেস্ক, ২০ ডিচেম্বৰঃ গুৱাহাটীত ১০ জানুৱাৰীৰ পৰা আৰম্ভ হ’বলগীয়া তৃতীয় সংস্কৰণৰ খেলো ইণ্ডিয়া য়ুথ গেমছ উদ্বোধন কৰিবলৈ অসমলৈ অহাৰ সম্ভাৱনা আছে প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ ৷ খেলো ইণ্ডিয়াৰ চি ই অ’ অবিনাশ যোশীয়ে সংবাদ মাধ্যমৰে হোৱা মত বিনিময়ত এই কথা প্রকাশ কৰে ৷

তেওঁ কয় যে ১০ৰ পৰা ২২ জানুৱাৰীলৈ গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া প্রতিযোগিতাখনৰ বাবে উদ্যোক্তা কমিটী আৰু অসম চৰকাৰ সম্পূর্ণৰূপে সাজু হৈ উঠিছে ৷

প্রতিযোগিতাখনত দেশৰ ভিন্ন প্রান্তৰ প্রায় ৬,৮০০গৰাকী এথলীট, ৩ হাজাৰ ছাপ’র্টিং ষ্টাফ আৰু ১,৫০০ স্বেচ্ছাসেৱীয়ে অংশ ল’ব ৷ গুৱাহাটীৰ মুঠ ১১টা ভেন্যুত অনুষ্ঠিত হ’বলগীয়া প্রতিযোগিতাখনত দেশৰ মুঠ ৩৭ খন ৰাজ্যই অংশগ্রহণ নিশ্চিত কৰা বুলিও তেওঁ উল্লেখ কৰে ৷

১০ হাজাৰৰো অধিক প্রতিযোগীয়ে খেলো ইণ্ডিয়া য়ুথ গেমছত মুঠ ১৫০০ পদকৰ বাবে প্রতিদ্বন্দ্বিতা আগবঢ়াব ৷

অবিনাশ যোশীয়ে পুনৰ জানিবলৈ দিয়া অনুসৰি, অসমৰ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল আৰু কেন্দ্রীয় ক্রীড়ামন্ত্রী কিৰেণ ৰিজিজুৰ উপস্থিতিত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ১০ জানুৱাৰীত গুৱাহাটীত খেলো ইণ্ডিয়া য়ুথ গেমছ উদ্বোধন কৰাৰ পূর্ণ সম্ভাৱনা আছে ৷ পূর্বৰ দুটা সংস্কৰণতকৈ এইবাৰ প্রতিযোগিতাখন অধিক আকর্ষণীয় আৰু বৃহৎ পৰিসৰত আয়োজনৰ সকলো যো–জা সম্পূর্ণ কৰি তোলা বুলিও তেওঁ উল্লেখ কৰে ৷

FeaturedPM NARENDRA MODI
Comments (0)
Add Comment