গোৱাৰ লক্ষ্য শীর্ষস্থানঃ মুম্বাইৰ আশা প্লে অফ

নিয়মীয়া বাৰ্তা, ১২ ফেব্ৰুৱাৰীঃ মুম্বাই চিটী এফ চিয়ে চলিত হিৰো ইণ্ডিয়ান ছুপাৰ লীগত দুখন মেচ খেলিবলৈ বাকী আছে৷ এই দুয়োখন মেচত দলটোৱে জয়লাভ কৰিলেহে প্লে অফলৈ যোগ্যতা অর্জনৰ সুযোগ থাকিব৷ অৱশ্যে অন্য দলৰ প্রদর্শনে সমীকৰণ সলনিও কৰিব পাৰে৷ মুম্বাই চিটীয়ে ১৬খন মেচৰ পৰা ২৬ পইণ্ট লাভ কৰি তালিকাৰ চতুর্থ স্থানত আছে৷ কিন্তু দলৰ বাবে প্লে অফৰ দৌৰত প্রতিদ্বন্দ্বী হৈ আছে চেন্নাইন এফ চি৷ সম্প্রতি ২২ পইণ্টেৰে পঞ্চম স্থানত থকা চেন্নাইনে এতিয়াও তিনিখন মেচ খেলিবলৈ আছে৷ এনে অংকৰ খেলৰ মাজতে আজি গোৱাৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত হ’ব লগা গুৰুত্বপূর্ণ মেচখনত মুম্বাই চিটীয়ে ঘৰুৱা দল এফ চি গোৱাৰে প্রতিদ্বন্দ্বিতা আগবঢ়াব৷

ইফালে, প্লে অফ নিশ্চিত কৰিলেও গোৱাই বিচাৰিছে বাকী থকা মেচত জয়লাভ কৰি শীর্ষস্থান দখল কৰা৷ ১৬খন মেচ খেলি ৩৩ পইণ্ট লাভ কৰি তালিকাৰ দ্বিতীয় স্থানত আছে গোৱা দলটো৷
খেলৰ সময়ঃসন্ধিয়া ৭.৩০ বজা

Featured
Comments (0)
Add Comment