গ্ৰুপত ফটো উঠাৰ মাজতে বিৰাট কোহলিয়ে ট্ৰফী হাতত তুলি দিলে কে এছ ভৰতক । পিচে কোন এই কে এছ ভৰত ?

নিউজডেস্ক, ২৫ নৱেম্বৰঃ শেহতীয়াকৈ বিৰাট কোহলি নেতৃত্বাধীন ভাৰতীয় দলে দুখনীয়া টেষ্ট মেচত ২-০ ব্যৱধানত হোৱাইট ৱাশ্ব কৰিলে বাংলাদেশক । এই বিজয়ৰ পাছতে ভাৰতীয় দলৰ সকলো সদস্যই ট্ৰফীৰ সৈতে ফটো উঠে । কিন্তু ইয়াৰ মাজতে দেখা গ’ল অধিনায়ক কোহলিয়ে বিজয় ট্ৰফীটো নিজ হাতেৰে কে এছ ভৰত নামৰ খেলুৱৈজনক তুলি দিয়ে । পিচে টেষ্ট দলত পূৰ্বে দেখা নোপোৱা এই ভৰতনো কোন ? কে এছ ভৰত এজন উইকেটকিপাৰ বেটছমেন যোনে ঘৰুৱা ক্ৰিকেটত অন্ধ্ৰপ্ৰদেশক প্ৰতিনিধিত্ব কৰি ৬৯ মেচত এই পৰ্যন্ত ৩,৯০৯ ৰান সংগ্ৰহ কৰিছে । উল্লেখ্য যে কে এছ ভৰতক ঋষভ পণ্টৰ স্থানত ইডেনত অনুষ্ঠিত দ্বিতীয়খন দিবা-নৈশ খেলত অংশগ্ৰহণৰ বাবে আমন্ত্ৰণ জনোৱা হৈছিল ।

Indian cricket team