ছডনী টেষ্টতো ২৭৯ ৰানত পৰাস্ত নিউজিলেণ্ডঃ ৩–০ ত শৃংখলা দখল অষ্ট্রেলিয়াৰ

নিয়মীয়া বার্তা, ৭ জানুৱাৰীঃ ছিডনী টেষ্টতো ২৭৯ ৰানত পৰাজয় স্বীকাৰ কৰিলে নিউজিলেণ্ডে৷ ছিডনী টেষ্টত বিজয়ী সূত্রে ঘৰুৱা দল অষ্ট্রেলিয়াই তিনিখনীয়া টেষ্ট মেচৰ শৃংখলাটো ৩–০ৰ ব্যৱধানত হস্তগত কৰে৷

টেষ্টখনত কেংগেৰু বাহিনীয়ে জয়ৰ বাবে বান্ধি দিয়া ৪১৬ ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ আহি নাথান লিয়নৰ বিধ্বংসী বলিঙৰ সন্মুখত বেটিং বিপর্যয়ৰ সন্মুখীন হৈ কিৱি বাহিনীয়ে সোমবাৰে চতুর্থ দিনাই ১৩৬ ৰানতে আটাইকেইটা উইকেট হেৰুৱাবলগীয়া হয়৷

ডি গ্রেণ্ডহোমে সর্বাধিক ৫২ ৰানৰ অৰিহণা আগবঢ়ায়৷ টেইলৰে ২২, ৱাটলিঙে ১৯, এছলে ১৭ আৰু ৰাভালে ১২ ৰান কৰাৰ বাহিৰে বাকীসকলে দহকৰ ঘৰ স্পর্শ কৰাত ব্যর্থ হয়৷

দ্বিতীয় ইনিংছত পাঁচটা উইকেট লাভ কৰা লিয়নে প্রথম ইনিংছতো ৫টা উইকেট লৈ টেষ্টখনত মুঠ ১০টা উইকেট দখল কৰি অষ্ট্রেলিয়া দলৰ জয়ত গুৰুত্বপূর্ণ ভূমিকা পালন কৰে৷

নিউজিলেণ্ডৰ দ্বিতীয় ইনিংছত মিচেল ষ্টার্কেও তিনিটা উইকেট লয়৷ ইয়াৰ পূর্বে তৃতীয় দিনা কোনো উইকেট নেহেৰুওৱাকৈ কৰা ৪০ ৰানৰ পৰা দ্বিতীয় ইনিংছ মুকলি কৰিবলৈ আহি অ’পেনাৰ ডেভিদ ৱার্নাৰৰ দর্শনীয় অপৰাজিত ১১১ আৰু মার্নাছ লাবুছানেৰ ৫৯ ৰানৰ সহায়ত অষ্ট্রেলিয়াই দুই উইকেটত ২১৭ ৰান কৰি দ্বিতীয় ইনিংছ ঘোষণা কৰে৷ জ’ বার্নছে ৪০ ৰানৰ অৱদান আগবঢ়ায়৷

টেষ্টখনৰ প্রথম ইনিংছত দ্বিশতক অর্জন কৰা লাবুছানেই ছিডনী টেষ্টখনৰ লগতে টেষ্ট শৃংখলাটোৰো শ্রেষ্ঠ খেলুৱৈ বিবেচিত হয়৷

Comments (0)
Add Comment