ছানৰাইজার্ছৰ নেতৃত্বত ডেভিদ ৱার্নাৰ

নিয়মীয়া বাৰ্তা, ২৮ ফেব্ৰুৱাৰীঃ অষ্ট্রেলিয়াৰ বিস্ফোৰক অ’পেনাৰ ডেভিদ ৱার্নাৰক ছানৰাইজার্ছ হায়দৰাবাদে পুনৰ নেতৃত্বৰ দায়িত্ব অর্পণ কৰিছে৷ অহা ২৯ মার্চৰ পৰা আৰম্ভ হ’বলগীয়া আই পি এলত ৩৩ বছৰীয়া তাৰকাগৰাকীয়ে কেন উইলিয়ামছনৰ সলনি হায়দৰাবাদ দলটোক নেতৃত্ব দিব৷ ছানৰাইজার্ছ হায়দৰাবাদে বৃহস্পতিবাৰে এক বিবৃতিযোগে এই কথা সদৰী কৰিছে৷

উল্লেখ্য যে ২০১৮ৰ মার্চত দক্ষিণ আফ্রিকাৰ বিৰুদ্ধে কেপটাউন টেষ্টত বল টেম্পাৰিং বিতর্কত সাঙোৰ খাই এবছৰৰ বাবে ৱার্নাৰ ক্রিকেটৰ পৰা নিষিদ্ধ হৈছিল৷ ইয়াৰ পিছতে ছানৰাইজার্ছে তেওঁক নেতৃত্বৰ পৰা অপসাৰিত কৰি উইলিয়ামছনক অধিনায়ক বাছনি কৰিছিল৷

মন কৰিবলগীয়া যে ৱার্নাৰৰ নেতৃত্বতে দলটোৱে ২০১৬ত আই পি এলৰ খিতাপ জয় কৰিবলৈ সক্ষম হৈছিল৷

Comments (0)
Add Comment