জয়ৰ সন্ধানত নৰ্থ ইষ্ট ইউনাইটেড

নিয়মীয়া বাৰ্তা ৭ ডিচেম্বৰঃ নর্থ ইষ্ট ইউনাইটেড এফ চিয়ে চলিত আই এছ এলত জয়ৰ লক্ষ্যৰে আজি পুনৰ খেলপথাৰত নামিব৷ ছখন মেচ খেলাৰ পিছতো অপৰাজেয় হৈ থকা দলটোৱে আজি সৰুসজাই এথলেটিক ষ্টেডিয়ামত কলকাতাৰ এ টি কে এফ চিৰ মুখামুখি হ’ব৷ উল্লেখ্য যে নর্থ ইষ্ট ইউনাইটেড এফ চিয়ে ক্রমাগত তিনিখন মেচ ঘৰত খেলিব৷ ইয়াৰে প্রথমখন মেচত শনিবাৰে ঘৰুৱা দলটোৰ প্রতিদ্বন্দ্বী হ’ব এ টি কে এফ চি৷ এই মুহূর্তত ১০ পইণ্টেৰে চতুর্থ স্থানত থকা নর্থ ইষ্ট ইউনাইটেড এফ চিয়ে লীগত অপৰাজেয় হৈ আছে যদিও জয়ৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হোৱা নাই৷ বিশেষকৈ চলিত ছিজনত ঘৰৰ মাটিত দলটোৱে মাত্র এখন মেচতহে জয়ৰ মুখ দেখিছে৷ সেয়ে কাইলৈ এ টি কেৰ বিৰুদ্ধে খেলিবলগীয়া গুৰুত্বপূর্ণ মেচখনত দলটোৱে জয়ৰ লক্ষ্য লৈছে৷ ইফালে, এ টি কে এফ চিয়ে কাইলৈ শীর্ষস্থানত উপনীত হোৱাৰ যুঁজ দিব৷
খেলৰ সময়ঃ ৭.৩০ বজাত

Comments (0)
Add Comment