টকিঅ’ অলিম্পিকৰ হকী ইভেণ্টৰ সূচী ঘোষণা

নিউজডেস্ক, ১৮ ডিচেম্বৰঃ ভাৰতৰ পুৰুষ আৰু মহিলা হকী দলটোৱে নিউজিলেণ্ড আৰু নেদাৰলেণ্ডছৰে খেলি ২০২০ চনৰ টকিঅ’ অলিম্পিকত অভিযান আৰম্ভ কৰিব ৷

বিশ্ব ক্রীড়াৰ সর্ববৃহৎ প্রতিযোগিতা অলিম্পিকৰ হকী ইভেণ্টৰ সূচীখন মঙলবাৰে ঘোষণা কৰিছে বিশ্ব হকী ফেডাৰেচনে ৷

অহা বর্ষৰ ২৫ জুলাইৰ পৰা আৰম্ভ হ’বলগীয়া হকী ইভেণ্টটোৰ প্রথম দিনাই ভাৰতীয় পুৰুষ আৰু মহিলা দলটোৱে অভিযান আৰম্ভ কৰিব ৷ ইফালে, আঠবাৰৰ চেম্পিয়ন পুৰুষ দলটোৱে ২৬ জুলাইত অষ্ট্রেলিয়া, ২৮ জুলাইত স্পেইন, ৩০ জুলাইত আর্জেণ্টিনা আৰু ৩১ জুলাইত জাপানৰে খেলিব ৷

Comments (0)
Add Comment