টেবুল টেনিছত হতাশাজনক প্রদর্শন অসমৰ খেলুৱৈৰ

নিয়মীয়া বাৰ্তা, ১২ জানুৱাৰীঃ তৃতীয় সংস্কৰণৰ খেলো ইণ্ডিয়া য়ুথ গেমছত প্রত্যাশিত প্রদর্শন দাঙি ধৰাত ব্যর্থ হৈছে অসমৰ উদীয়মান পেডলাৰসকলে৷ আৰ জি বৰুৱা ক্রীড়া প্রকল্পস্থিত দেশভক্ত তৰুণৰাম ফুকন ইনড’ৰ ষ্টেডিয়ামত চলি থকা টেবুল টেনিছত আজি অসমৰ অন্যতম প্রতিভাশালী খেলুৱৈ তৃষা গগৈ, অগ্ণিভ ভাস্কৰ গোহাঁই, জিটাক্ষী মজুমদাৰ আৰু শাংকব গৌতম বৰুৱা পৰাস্ত হয়৷ ছোৱালীৰ ১৭ বছৰ অনূর্ধ্বৰ ছিংগলছত অসমৰ তৃষা গগৈক পশ্চিমবংগৰ পৃথকী চক্রৱর্তীয়ে ১১–৭, ১১–৯, ১০–১২, ১১–৮ৰ ব্যৱধানত পৰাস্ত কৰে৷ ইফালে, ল’ৰাৰ ১৭ বছৰ অনূর্ধ্বৰ ছিংগলছত অগ্ণিভ ভাস্কৰ গোহাঁয়ে মিজোৰামৰ এলবার্ট ৰাউতাক ১৫–১৩, ১১–৫, ১২–১০ত পৰাস্ত কৰে যদিও পৰৱর্তী ৰাউণ্ডত দিল্লীৰ পয়াস জৈনৰ হাতত পৰাভূত হয়৷ ছোৱালীৰ ২১ বছৰ অনূর্ধ্বৰ ছিংগলছত তামিলনাডুৰ দেবিকা নিলনকন্দনে অসমৰ জিটাক্ষী মজুমদাৰক ১১–৯, ৯–১১, ১৩–১১, ১১–৫ত হৰুৱায়৷ ল’ৰাৰ ২১ বছৰ অনূর্ধ্বৰ ছিংগলছত শাংকব গৌতম বৰুৱাক পশ্চিমবংগৰ আকাশ পলে ১১–৫, ১২–১৪, ১১–৮, ১৩–১১ৰ ব্যৱধানত পৰাস্ত কৰে৷ ইফালে, ভলীবলৰ ২১ বছৰ অনূর্ধ্ব ছোৱালী শাখাত মহাৰাষ্ট্রই আজি অসমক ২৫–৬, ২৫–৮, ২৫–৫ৰ ব্যৱধানত পৰাস্ত কৰে৷

Comments (0)
Add Comment