ট্রেক এণ্ড ফিল্ডৰ প্রথম দিনা গুজৰাটৰ আধিপত্য, অসমৰ ব্যর্থতা

নিয়মীয়া বাৰ্তা, ১২ জানুৱাৰীঃ গুৱাহাটীত চলি থকা তৃতীয় সংস্কৰণৰ খেলো ইণ্ডিয়া য়ুথ গেমছৰ অন্যতম আকর্ষণীয় ইভেণ্ট এথলেটিকছ শনিবাৰৰে পৰা আৰম্ভ হৈছে৷ সৰুসজাই ক্রীড়া প্রকল্পত অনুষ্ঠিত ট্রেক এণ্ড ফিল্ড ইভেণ্টৰ প্রথম দিনা গুজৰাটে এটা স্বর্ণ, তিনিটা ৰূপৰ পদকেৰে আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হয়৷

যোৱাবাৰৰ খেলো ইণ্ডিয়া য়ুথ গেমছৰ চেম্পিয়ন ২০ বছৰীয়া অজিত কুমাৰ যাদৱে ২১ বছৰ অনূর্ধ্ব ল’ৰাৰ ১৮–২১ৰ ৫০০০ মিটাৰ দৌৰত পুনৰ স্বর্ণপদক অর্জন কৰে৷ এই ইভেণ্টত অসমৰ নিতুমণি দাস দশম স্থানতে সন্তুষ্ট থাকে৷ ইফালে, ২১ বছৰ অনূর্ধ্ব ছোৱালীৰ ১৮–২১ৰ ৫০০০ মিটাৰ দৌৰত উত্তৰাখণ্ডৰ অংকিতাই স্বর্ণ আৰু গুজৰাটৰ ৰীণা পেটেলে ৰূপৰ পদক লাভ কৰে৷

উক্ত ইভেণ্টত অসমৰ মনীষা দাসে নৱম স্থানহে লাভ কৰিবলৈ সক্ষম হয়৷ ১৭ বছৰ অনূর্ধ্ব ল’ৰাৰ ১৫–১৭ৰ ৩০০০ মিটাৰ দৌৰত মধ্যপ্রদেশৰ অর্জুন ৱাছকালেই স্বর্ণ, হাৰিয়ানাৰ গগনে ৰূপ, মধ্যপ্রদেশৰ অভিষেক ঠাকুৰে ব্রঞ্জ জয় কৰাৰ বিপৰীতে অসমৰ কৌশিক ৰজকে একাদশ স্থান পায়৷ ছোৱালীৰ ১৭ বছৰ অনূর্ধ্বৰ ১৫–১৭ৰ ৩০০০ মিটাৰ দৌৰত ঝাৰখণ্ডৰ সুপ্রীতি কাশ্যপে স্বর্ণ, গুজৰাটৰ ড্রাষ্টিবেন চৌধুৰীয়ে ৰূপ আৰু মহাৰাষ্ট্রৰ ৰিংকী পাৱাৰে ব্রঞ্জ লাভ কৰে৷ এই ইভেণ্টত অসমৰ গীতা দলেই ত্রয়োদশ স্থানত অভিযান সামৰে৷ ছোৱালীৰ ১৭ বছৰ অনূর্ধ্বৰ ১৫–১৭ৰ লং জাম্পত তেলেংগানাৰা নন্দিনী আগাচাৰাই স্বর্ণ, গুজৰাটৰ নির্মা আচাৰিয়ে ৰূপ আৰু কেৰালাৰ অভিৰামি বালকৃষ্ণই ব্রঞ্জ পায়৷ ইভেণ্টটোত অসমৰ শিল্পী দাসে একাদশ স্থানহে দখল কৰিবলৈ সক্ষম হয়৷

Comments (0)
Add Comment