দক্ষিণ আফ্রিকা লিজেণ্ডক হৰুৱাই ছেমিফাইনেলত প্রৱেশ ইণ্ডিয়া লিজেণ্ডৰ; বিধ্বংসী বেটিং যুৱৰাজ সিঙৰ

নিয়মীয়া বাৰ্তা, ১৫ মাৰ্চঃ অধিনায়ক শচীন তেণ্ডুলকাৰ আৰু যুৱৰাজ সিঙৰ বিস্ফোৰক অর্ধশতকৰ সহায়ত ইণ্ডিয়া লিজেণ্ডে চলিত আনএকাডেমী ৰোড ছেফটী বিশ্ব ছিৰিজ টি–২০ ক্রিকেট প্রতিযোগিতাৰ ছেমিফাইনেলত প্রৱেশ কৰিছে৷ যোৱানিশা অনুষ্ঠিত মেচখনত ইণ্ডিয়া লিজেণ্ডে দক্ষিণ আফ্রিকা লিজেণ্ডক ৫৬ ৰানত পৰাস্ত কৰে৷ মেচখনত ভাৰতীয় দলটোৱে জয়ৰ বাবে বান্ধি দিয়া ২০৫ ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ আহি পুটিকৰ ৪১ আৰু মর্নেৰ ৪৮ ৰানৰ সহায়ত দক্ষিণ আফ্রিকাই নির্ধাৰিত ২০ অ’ভাৰত সাতটা উইকেট হেৰুৱাই ১৪৮ ৰানহে কৰিবলৈ সক্ষম হয়৷ অধিনায়ক জ’ণ্টি ৰোডছে ২২ ৰান কৰে৷ ভাৰতৰ হৈ ইউছুফ পাঠানে তিনিটা আৰু যুৱৰাজ সিঙে দুটা উইকেট লয়৷

ইয়াৰ পূর্বে প্রথমে বেটিং কৰি তেণ্ডুলকাৰৰ ৩৭ বলত ৬০ আৰু যুৱৰাজ সিঙৰ ২২ বলত অপৰাজিত ৫২ ৰানৰ সহায়ত ইণ্ডিয়া লিজেণ্ডে নির্ধাৰিত ২০ অ’ভাৰত তিনিটা উইকেট হেৰুৱাই ২০৪ ৰান সংগ্রহ কৰে৷ শচীনৰ ইনিংছটোত আছিল ৯টা বাউণ্ডেৰী আৰু এটা ছয়৷

ইফালে, যুৱৰাজ সিঙৰ বিস্ফোৰক ইনিংছটোত আছিল ৬টাকৈ ছিক্সাৰ৷ যুৱৰাজে জেণ্ডাৰ ডি ব্রুৱেনৰ বলত একেৰাহে চাৰিটা ছিক্সাৰ কোবায়৷ বীৰেন্দ্র সেৱাগে ৬ ৰান কৰি বিদায় লোৱাৰ বিপৰীতে বদ্রীনাথে ৪২ ৰান কৰি ৰিটায়ার্ড হার্ট হয়৷ ইউছুফ পাঠানে ১০টা বলত ২৩ আৰু মনপ্রীত গনিয়ে ৯টা বলত অপৰাজিতভাৱে ১৬ ৰান কৰে৷