দিবা-নৈশ টেষ্টে নতুন যুগৰ সূচনা কৰিবঃ অশ্বিন

নিয়মীয়া বাৰ্তা ২০ নৱেম্বৰঃ টীম ইণ্ডিয়া আৰু বাংলাদেশৰ মাজত ইডেন গাৰ্ডেনত শুকুৰবাৰৰ পৰা আৰম্ভ হবলগীয়া ঐতিহাসিক দিবা-নৈশ টেষ্ট খনৰ বাবে অধীৰ আগ্ৰহেৰে বাট চাই আছে দেশবাসীয়ে। গুলপীয়া বলৰ এই টেষ্টখন সন্দৰ্ভত টীম ইণ্ডিয়াৰ তাৰকা স্পীনাৰ ৰবিচন্দ্ৰন অশ্বিনে আজি কয় যে ভাৰত আৰু বাংলাদেশৰ ঐতিহাসিক দিবা-নৈশ টেষ্টখনে টেষ্ট ক্ৰিকেটত এক নতুন যুগৰ সূচনা কৰিব। এক সাক্ষাতকাৰত অশ্বিনে কয় যে দিবা-নৈশ টেষ্টে টেষ্ট ক্ৰিকেটৰ প্ৰতি দৰ্শকসকলক আকৰ্ষিত কৰিব। বৰ্তমান সময়ত টেষ্ট ক্ৰিকেটৰ প্ৰতি দৰ্শকসকলৰ আকৰ্ষণ কমি আহিছে। কিন্তু দিবা-নৈশ টেষ্টৰ যোগেৰে দৰ্শকসকলৰ পুনৰ টেষ্ট ক্ৰিকেটৰ প্ৰতি আকৰ্ষণ বৃদ্ধি কৰি তুলিব বুলি আশা ব্যক্ত কৰিছে অশ্বিনে।

ashwinday night cricket