ঘণ্টাত ১৭৫ কিলোমিটাৰ বেগেৰে ব’ল কৰিও কিয় ভংগ নহল চৌৱেব আখতাৰৰ অভিলেখ

নিয়মীয়া বাৰ্তা, ২২ জানুৱাৰীঃ ১৯ বছৰ অনূৰ্ধ বিশ্বকাপ ক্ৰিকেটত পুনৰ বাৰ উজ্জলি উঠিছে এগৰাকী প্ৰতিভাৱান ব’লাৰ ।

শ্ৰীলংকাৰ মাথিছা পাথিৰানা নামৰ ব’লাৰ জনে ভাৰতৰ বিৰুদ্ধে খেলা এখন খেলত ১৭৫ কিলোমিটাৰ প্ৰতিঘণ্টাত বেগেৰে বল কৰি বিশ্ব ক্ৰিকেটৰ পূৰ্বৰ সকলো অভিলেখ ভংগ কৰে । খেলখনৰ ৪ নম্বৰ অভাৰত মাথিছাই ভাৰতীয় বেটছমেন য়াছাভি জাইচৱালক ১৭৫ কিলোমিটাৰ বল কৰিছিল।

উল্লেখ্য যে ২০০৩ চনত ইংলেণ্ডৰ বিৰুদ্ধে এখন এদিনীয়া খেলত পাক বলাৰ ছৌৱেব আখতাৰে ১৬১.৩ কিলোমিটাৰ প্ৰতিঘণ্টাত বেগেৰে বল কৰি দ্ৰুততম বেগী বলাৰ ৰূপে অভিলেখ অৰ্জন কৰিবলৈ সক্ষম হৈছিল । অৱশ্যে এতিয়াও অক্ষত আছে আখতাৰৰ এই অভিলেখ। কিন্তু শ্ৰীলংকা বেগী বলাৰ জনে ১৭৫ কিলোমিটাৰ প্ৰতিঘণ্টাত কৰিছিল যদিও বলটো ৱাইড ৰূপে পৰিগণিত হয়।

অৱশ্যে ১৯ বছৰ অনূৰ্ধ বিশ্বকাপৰ এই খেলখনত শ্ৰীলংকাক ভাৰতে ৯০ ৰানত পৰাজিত কৰে ।

Comments (0)
Add Comment