পিংক টেষ্টৰ ইটো সিটো

 

ইডেনত উপস্থিত বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনা আৰু মমতা বেৰ্নাজী

 

নিয়মীয়া বাৰ্তা ২৩ নৱেম্বৰঃ ভাৰতৰ মাটিত অনুষ্ঠিত প্ৰথমখন দিবা-নৈশ টেষ্টৰ পূৰ্বে বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনা আৰু পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে শুকুৰবাৰে ইডেন গাৰ্ডেনৰ বেল বজাই আনুষ্ঠানিক ভাৱে মেচৰ শুভাৰম্ভ কৰে। অনুষ্ঠানত ব’ৰ্ডৰ সভাপতি সৌৰভ গাংগুলী আৰু সম্পাদক জয় শ্বাহৰ লগতে কিংবদন্তি ক্ৰিকেটাৰ শচীন তেণ্ডুলকাৰো উপস্থিত থাকে।

গুলপীয়া টেষ্ট উপভোগ কৰি উৎফুল্লিত ছানিয়া মিৰ্জা

গুলপীয়া বলেৰে খেলা দিবা-নৈশ টেষ্ট মেচ উপভোগ কৰি অন্যান্য সোৱাদ লাভ কৰিছে টেনিছ সুন্দৰী ছানিয়া মিৰ্জাই। বৰ্ডৰ সভাপতি সৌৰভ গাংগুলীৰ আমন্ত্ৰণক্ৰমে শুকুৰবাৰে ইডেন গাৰ্ডেনত উপস্থিত থকা টেনিছ তাৰকাগৰাকীয়ে কয় যে ক্ৰিকেটৰ কাৰিকৰী দিশৰ বিষয়ে তেওঁ অৱগত নহয় যদিও এগৰাকী সাধাৰণ অনুৰাগী হিচাপে দিবা-নৈশ টেষ্টে তেওঁক আকৰ্ষিত কৰিছে। এইধৰণৰ অভিনৱ চিন্তাই টেষ্ট ক্ৰিকেটলৈ দৰ্শক ওভতাই আনিব।

পিংক টেষ্টৰ এশ চিকাৰ সাহাৰ

ভাৰতৰ পঞ্চমগৰাকী উইকেটৰক্ষক হিচাপে ১০০ চিকাৰৰ অভিলেখ ৰচিছে ঋদ্ধিমান সাহাই। ঐতিহাসিক ইডেন গাৰ্ডেনত আজিৰ পৰা আৰম্ভ হোৱা দিবা-নৈশ টেষ্টৰ দিনাই বংগৰ উইকেটৰক্ষকগৰাকীয়ে এই বিৰল অভিলেখৰ গৰাকী হয়। উমেশ যাদৱৰ বলত বাংলাদেশৰ বেটছমেন ইছলামৰ কেচ আয়ত্ত কৰি ঋদ্ধিমানে ১০০ চিকাৰ সম্পূৰ্ণ কৰে। তেওঁৰ পূৰ্বে ভাৰতৰ হৈ এম এছ ধোনী, চৈয়দ কিৰমানী, কিৰণ মোৰে আৰু নয়ন মংগিয়াই এই কৃতিত্ব অৰ্জন কৰিছে।

পিংক টেষ্টত ৰথী মহাৰথীৰ মিলনভূমিত পৰিণত

পিংক টেষ্টৰ প্ৰথম দিনা ইডেনত ভাৰতীয় ক্ৰিকেটৰ ৰথী মহৰাথী সকলৰ মহামিলন ঘটে। শচীন তেণ্ডুলকাৰ, ভি ভি এছ লক্ষ্মণ, হৰভজন সিং, অনিল কুম্বলেৰ দৰে কিংবদন্তিসকলে শুকুৰবাৰে তেওঁলোকৰ কেৰিয়াৰৰ মধুৰ স্মৃতি ৰোমন্থন কৰি আৱেগিক হৈ পৰে।

edenkolkattapink test