পিবিএললৈ অসম কন্যা অস্মিতা চলিহা

নিয়মীয়া বাৰ্তা ২৭ নৱেম্বৰঃ অহা বৰ্ষৰ প্ৰিমিয়াৰ বেডমিণ্টন লীগত দেখিবলৈ পোৱা যাব অসমৰ প্ৰচুৰ প্ৰতিভাসম্পন্ন শ্বাটলাৰ অস্মিতা চলিহাক। নতুন দিল্লীত মঙলবাৰে অনুষ্ঠিত ঐশ্বৰ্যশালী বেডমিণ্টন লীগখনৰ নিলাম অনুষ্ঠানত অসমৰ উদীয়মান বাঁওহতীয়া খেলুৱৈগৰাকীক নৰ্থ ইষ্টাৰ্ন ৱাৰিয়ৰ্ছে ক্ৰয় কৰে। শেহতীয়াকৈ ৰাষ্ট্ৰীয়, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত চমকপ্ৰদ প্ৰদৰ্শনেৰে উজলি উঠা অস্মিতাক উত্তৰ-পূৰ্বৰ দলটোৱে তিনি লাখ টকাৰ বিনিময়ত চুক্তিবদ্ধ কৰায়। মনকৰিবলগীয়া যে এই পৰ্যন্ত দেশৰ আগশাৰীৰ বেডমিণ্টন লীগখনত ৰাজ্যৰ কোনো খেলুৱৈয়ে অংশ লোৱাৰ সুযোগ পোৱা নাছিল। ১৯৯৯ ত গুৱাহাটীত জন্মগ্ৰহণ কৰা অস্মিতাই ২০১৮ত ডুবাই আন্তঃৰাষ্ট্ৰীয় আৰু টাটা অপেন ইণ্ডিয়া আন্তঃৰাষ্ট্ৰীয় বেডমিণ্টন প্ৰতিযোগিতাত খিতাপ জয় কৰি ৰাষ্ট্ৰীয় ক্ৰীড়া মহলৰ দৃষ্টি আকৰ্ষণ কৰিছিল।

উক্ত বৰ্ষত তেওঁ জাকাৰ্টাত অনুষ্ঠিত এছিয়ান গেমছতো দেশক প্ৰতিনিধিত্ব কৰাৰ সুযোগ পাইছিল। চলিত বৰ্ষৰ আৰম্ভণিতে ছিনিয়ৰ ৰাষ্ট্ৰীয় বেডমিণ্টনত ব্ৰঞ্জৰ পদক জয় কৰা প্ৰতিভাৱান শ্বাটলাৰগৰাকীয়ে শেহতীয়াকৈ ৰাছিয়াত এক আন্তঃৰাষ্ট্ৰীয় বেডমিণ্টন প্ৰতিযোগিতাত দেশৰ হৈ ব্ৰঞ্জৰ পদক জয় কৰিবলৈ সক্ষম হৈছিল। ইফালে, মঙলবাৰে নিলামত ভাৰতৰ অলিম্পিক পদক বিজয়ী তাৰকা পি ভি সিন্ধু আৰু চাইনিজ টাইপেইৰ বিশ্বৰ শীৰ্ষস্থানপ্ৰাপ্ত টাই ঝু য়িঙে সৰ্বাধিক ৭৭ লাখ টকা লাভ কৰে। সিন্ধুক হায়দৰাবাদ হাণ্টাৰ্ছে পুনৰ চুক্তিবদ্ধ কৰিছে।

Featured