পুনৰ যুঁজৰ বাবে সাজু নীৰজ চোপ্রা

নিয়মীয়া বাৰ্তা, ২৫ মেঃ প্রায় ছমাহ বিশ্বৰ অন্যতম শ্রেষ্ঠ জেভেলিন থ্র’ৱাৰৰ সৈতে উন্নত প্রশিক্ষণ গ্রহণ কৰাৰ পিছত অহা জুনত অভিযান আৰম্ভ কৰিব ভাৰতৰ তাৰকা এথলিট নীৰজ চোপ্রাই৷ অলিম্পিকত স্বর্ণ পদক অর্জনৰ পিছত প্রায় ৪ মাহ ভাৰতত কটোৱাৰ পিছত নীৰজে আমেৰিকা যুক্তৰাষ্ট্রত আৰম্ভ কৰে প্রশিক্ষণ৷ তাত প্রথম মাহতে তেওঁ ১২ কেজি ওজন হ্রাস কৰে৷ অলিম্পিকত স্বর্ণপদক জয় কৰাৰ আনন্দ উদযাপন কৰাৰ লগতে পৰিয়ালৰ বিবাহ অনুষ্ঠানত অংশগ্রহণ কৰি নীৰজে শৰীৰৰ ওজন বৃদ্ধি কৰিছিল৷ প্রায় ছমাহ কাল নীৰজ ঘৰৰ পৰা আঁতৰি আছে৷ অৱশ্যে এইবাৰেই প্রথমবাৰলৈ তেওঁ ঘৰৰ বাহিৰত থকা নাই৷ কেৱল প্রশিক্ষণ, ডায়েট আৰু জেভেলিনক কেন্দ্র কৰিয়ে তেওঁৰ জীৱনৰ অধিকাংশ সময় অতিবাহিত হৈছে৷ নীৰজে ইয়াৰ মাজতে প্রায় এমাহ সময় তুর্কীত বিশ্বৰ শ্রেষ্ঠ জেভেলিন থ্র’ৱাৰসকলৰ সৈতে প্রশিক্ষণ গ্রহণ কৰি পুনৰ নিজকে প্রতিদ্বন্দ্বিতাৰ বাবে সাজু কৰি তুলিছে৷ অহা মাহত ফিনলেণ্ডত অনুষ্ঠিত হ’ব লগা আন্তর্জাতিক প্রতিযোগিতাৰ জৰিয়তে তেওঁ ছিজন আৰম্ভ কৰিব৷