পৰিয়ালৰ পৰা পৃথকে আছে পি ভি সিন্ধু

নিয়মীয়া বাৰ্তা, ২১ মাৰ্চঃ ইংলেণ্ডত শেহতীয়াকৈ অনুষ্ঠিত অল ইংলেণ্ড বেডমিণ্টন চেম্পিয়নশ্বিপত অংশ লৈ দেশলৈ উভতি অহাৰ পিছৰে পৰা ঘৰত আবদ্ধ হৈ আছে অলিম্পিকত ৰূপৰ পদক বিজয়ী ভাৰতীয় শ্বাটলাৰ পি ভি সিন্ধু ৷ ক’ৰোনা ভাইৰাছে ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰা ইংলেণ্ডৰ পৰা উভতি অহাৰ বাবে তাৰকাগৰাকীয়ে পৰিয়ালৰ লোকৰ পৰাও এইকেইদিন পৃথকে থকা বুলি জানিব পৰা গৈছে ৷ সিন্ধুৰ পিতৃ পি ভি ৰমনে আজি সংবাদ মাধ্যমৰ আগত কয় যে সিন্ধুৰ ফিটনেছক লৈ তেওঁলোক অত্যন্ত সতর্ক৷ সেয়ে ঘৰৰ ভিতৰত তেওঁক সাৱধানেৰে নিঃসংগ কৰি ৰখা হৈছে আৰু পৰিয়ালৰ আন সদস্যৰ পৰাও সিন্ধুক আঁতৰাই ৰখা হৈছে ৷ উল্লেখ্য যে ভাৰত চৰকাৰে ক’ৰোনা ভাইৰাছ প্রভাৱিত দেশৰ সকলো নাগৰিকৰ ভিছা বাতিল কৰাৰ এদিন পূর্বে সিন্ধুৱে অল ইংলেণ্ড চেম্পিয়নশ্বিপত অংশ লৈছিল ৷

Comments (0)
Add Comment