ফুটবলৰ পৰা অৱসৰ স্পেনিছ তাৰকা ডেভিদ ভিল্লাৰ

স্পৰ্টছডেস্ক, ১৪ নৱেম্বৰঃ ১৯ বছৰীয়া বৰ্ণিল আন্তৰ্জাতিক কেৰিয়াৰ সামৰাৰ সিদ্ধান্ত ল’লে স্পেইন তথা বাৰ্চিলোনাৰ প্ৰাক্তন ফৰৱাৰ্ড ডেভিদ ভিল্লাই । ৩৭ বছৰীয়া ফুটবলাৰগৰাকীয়ে বুধবাৰে ফুটবলৰ পৰা অৱসৰৰ সিদ্ধান্ত গ্ৰহণ কৰা বুলি উল্লেখ কৰি কয় যে চলিত জে লীগেই তেওঁৰ কেৰিয়াৰৰ অন্তিম প্ৰতিযোগিতা । উল্লেখ্য যে স্প’ৰ্টিং গিজিঅ’ন, ভেলেন্সিয়া, বাৰ্চিলোনা, এটলেটিকো মাদ্ৰিদ আৰু জাৰাগ’জা দলৰ হৈ খেলা ডেভিদ ভিল্লাই স্পেইনৰ জাতীয় দলটোক ৯৮ খন মেচত প্ৰতিনিধিত্ব কৰি অভিলেখ সমখ্যক ৫৯ টা গ’ল কৰে ।

David Villa