ফ্রেন্স অ’পেনৰ খিতাপ জয়েৰে ফেডেৰাৰৰ অভিলেখ স্পর্শ নাডালৰ

নিয়মীয়া বাৰ্তা, ১২ অক্টোবৰঃ স্পেইনৰ তাৰকা খেলুৱৈ ৰাফেল নাডালে ফ্রেন্স অ’পেনৰ পুৰুষ ছিংগলছৰ খিতাপ অক্ষুণ্ণ ৰাখিছে৷ দ্বিতীয় বাছনিপ্রাপ্ত নাডালে গ্রেণ্ডশ্লামখনৰ  অনুষ্ঠিত ফাইনেল মেচখনত শীর্ষ বাছনিপ্রাপ্ত ছার্বিয়াৰ ন’ভাক জক’ভিচক পৰাস্ত কৰি চেম্পিয়নৰ সন্মান অর্জন কৰিবলৈ সক্ষম হয়৷

২ ঘণ্টা ৪১ মিনিট ধৰি চলা মেচখনত নাডালে জক’ভিচক ৬–০, ৬–২, ৭–৫ ছেটত পৰাস্ত কৰে৷ এই জয়েৰে স্পেইনৰ তাৰকা খেলুৱৈগৰাকীয়ে কেৰিয়াৰত ত্রয়োদশসংখ্যক ফ্রেন্স অ’পেনৰ খিতাপ দখল কৰি অভিলেখ ৰচাই নহয়, ছুইজাৰলেণ্ডৰ কিংবদন্তি খেলুৱৈ ৰ’জাৰ ফেডেৰাৰে কেৰিয়াত এতিয়ালৈ দখল কৰা ২০টা গ্রেণ্ডশ্লামৰ অভিলেখটোও স্পর্শ কৰিবলৈ সক্ষম হয়৷