বর্ষাপাৰাত অনুশীলন ৰাজস্থান ৰয়েলছৰ খেলুৱৈৰ

নিয়মীয়া বাৰ্তা, ২৮ ফেব্ৰুৱাৰীঃ সমাগত আই পি এলৰ প্রতি লক্ষ্য ৰাখি প্রাক্তন চেম্পিয়ন ৰাজস্থান ৰয়েলছে বৃহস্ৰেপতিবাৰৰ পৰা আৰম্ভ কৰিছে প্রথমটো প্রস্তুতি শিবিৰ৷ গুৱাহাটীৰ বর্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হৈছে এই তিনিদিনীয়া শিবিৰ৷ অনুশীলনত অংশ লয় প্রাক্তন আন্তঃৰাষ্ট্রীয় তাৰকা ৰবীন উথাপ্পা, অসম সন্তান ৰিয়ান পৰাগ, অনুজ ৰাৱট, অংকিত ৰাজপুত, আকাশ সিং, মায়ংক মার্কাণ্ডে আৰু অনিৰুদ্ধ যোশীয়ে৷ ৰাজস্থান ৰয়েলছৰ বেটিং প্রশিক্ষক অমল মজুমদাৰ, জুবিন ভাৰুছা আৰু ফিল্ডিং প্রশিক্ষক দিশান্ত য়াগনিকৰ তত্ত্বাৱধানত খেলুৱৈসকলে অনুশীলনত ভাগ লয়৷

ৰাজস্থান ৰয়েলছৰ কার্যবাহী অধ্যক্ষ ৰঞ্জিৎ বৰঠাকুৰে শিবিৰ পৰিদর্শন কৰে৷ ৰঞ্জি ট্রফীত ব্যস্ত থকাৰ বাবে দলটোৰ একাংশ খেলুৱৈয়ে গুৱাহাটীৰ অনুশীলন শিবিৰত উপস্থিত থাকিব নোৱাৰিলে বুলি ৰাজস্থান ৰয়েলছে সদৰী কৰিছে৷ অহা শনিবাৰলৈ এই শিবিৰ অব্যাহত থাকিব৷

উল্লেখ্য যে দলটোৱে বর্ষাপাৰা ষ্টেডিয়ামত অহা এপ্রিলত দুখন ঘৰুৱা মেচ খেলিব৷

Comments (0)
Add Comment