বর্ষাপাৰাত আই পি এলৰ মেচ আয়োজনলৈ সাজু ৰাজস্থান ৰয়েলছ

নিয়মীয়া বাৰ্তা ৮ ফেব্ৰুৱাৰীঃ গুৱাহাটীৰ বর্ষাপাৰা ক্রিকেট ষ্টেডিয়ামত ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ডৰ ঐশ্বর্যশালী ক্রিকেট প্রতিযোগিতা ইণ্ডিয়ান প্রিমিয়াৰ লীগৰ দুখনকৈ মেচ আয়োজন কৰিবলৈ সম্পূর্ণৰূপে সাজু ৰাজস্থান ৰয়েলছ৷ আই পি এলৰ মেচ দুখন বর্ষাপাৰাত আয়োজন কৰাৰ উদ্দেশ্যে ষ্টেডিয়ামখন শুকুৰবাৰে পৰিদর্শন কৰে আই এম জি ৰিলায়েন্স আৰু ৰাজস্থান ৰয়েলছৰ প্রতিনিধি দল এটাই৷ মেচখন সন্দর্ভত প্রতিনিধি দলটোৱে অসম ক্রিকেট সন্থাৰে এক বৈঠকতো মিলিত হয় আৰু প্রতিযোগিতাখনৰ মেচ দুখন আয়োজনৰ বাবে তেওঁলোক সম্পূর্ণৰূপে সাজু আছে বুলি মন্তব্য আগবঢ়ায়৷ কিন্তু অহা ১৩ ফেব্রুৱাৰীতহে গুৱাহাটীত আই পি এলৰ মেচ অনুষ্ঠিত হ’ব নে নহয়, সেয়া চূড়ান্ত হ’ব৷ কিয়নো, গুৱাহাটীক ৰাজস্থান ৰয়েলছে দ্বিতীয়খন হোম গ্রাউণ্ড হিচাপে চিহ্ণিত কৰাৰ পিছতে ৰাজস্থান ক্রিকেট এছ’চিয়েচন, ৰাজস্থান স্প’টছ এছ’চিয়েচনৰ লগতে আন এটা এছ’চিয়েচনেও ৰাজস্থান ৰয়েলছৰ এই সিদ্ধান্তৰ বিৰোধিতা কৰি ৰাজস্থান হাইক’টৰ জয়পুৰ বিচাৰপীঠত পি আই এল দাখিল কৰিছে।

Comments (0)
Add Comment