চৈয়দ মুস্তাক আলী টি-২০ ত পৰাস্ত অসম

মুম্বাইৰ বান্দ্ৰা কাৰলা কমপ্লেক্সত অনুষ্ঠিত গ্ৰুপ পৰ্যায়ৰ মেচখনত হাৰিয়ানাই অন্তিম অ'ভাৰত ৭ উইকেটৰ বিনিময়ত জয়ৰ লক্ষ্যত উপনীত হয়।

গুৱাহাটী, ১১ নৱেম্বৰঃ চৈয়দ মুস্তাক আলী টি-২০ ক্ৰিকেট প্ৰতিযোগিতাত অসমে সোমবাৰে হাৰিয়ানাৰ বিৰুদ্ধে তীব্ৰ যুঁজ দি পৰাস্ত হয়। মুম্বাইৰ বান্দ্ৰা কাৰলা কমপ্লেক্সত অনুষ্ঠিত গ্ৰুপ পৰ্যায়ৰ মেচখনত হাৰিয়ানাই অন্তিম অ’ভাৰত ৭ উইকেটৰ বিনিময়ত জয়ৰ লক্ষ্যত উপনীত হয়। ১৫৯ ৰানৰ লক্ষ্যৰ পিছ লৈ হাৰিয়ানাই অ’পেনাৰ হৰ্ষল পেটেলৰ আক্ৰমণাত্মক অৰ্ধশতকৰ সহায়ত সুন্দৰ আৰম্ভণি লাভ কৰে। কিন্তু অসমৰ বলাৰৰ নিয়ণ্ত্ৰিত বলিঙৰ সন্মুখত শেষৰ ফালে দলটো কিছু চাপৰ সন্মুখীন হয়। অন্তিম দুই অ’ভাৰত দলটোক জয়ৰ বাবে ১৫ ৰানৰ প্ৰয়োজন থকা অৱস্থাত সুমিত কুমাৰ আৰু ৰাহুল টেৱাটিয়াই আক্ৰমণাত্মক বেটিঙেৰে অসমৰ জয়ৰ আশা নিৰ্বাপিত কৰে। প্ৰীতম দাসে দুটা, অৰূপ দাস, আবু নেছিম আহমেদ, অভিলাষ গগৈ আৰু ৰিয়ান পৰাগে এটাকৈ উইকেট পায়। ইয়াৰ পূৰ্বে অসমে ৰিয়ান পৰাগৰ ৫৮ আৰু পল্লৱ কুমাৰ দাসৰ ৪৩ ৰানৰ সহায়ত আঠ উইকেটত ১৫৮ ৰান সংগ্ৰহ কৰে। ৰিয়ানে ৩১ বলত এটা বাউণ্ডেৰী আৰু ৬ টা ছিক্সাৰেৰে ইনিংছটো সজায়।

riyan paragsayed mustak ali t-20