ভাৰতীয় বেগী বলাৰে অনুপ্রাণিত কৰিছে দেশৰ যুৱপ্রজন্মকঃদ্রাবিড়

নিয়মীয়া বাৰ্তা  ৩০ নৱেম্বৰঃ মহম্মদ ছামি, ঈশান্ত শর্মা, ভুবনেশ্বৰ কুমাৰ আৰু যশপ্রীত বুমৰাহৰ দৰে বেগী বলাৰে দেশৰ নতুন প্রজন্মক ক্রিকেটৰ প্রতি আকর্ষিত কৰিছে আৰু তেওঁলোকক অনুপ্রাণিত কৰিছে৷ ভাৰতীয় বেগী বলিং আক্রমণৰ প্রশংসাত পঞ্চমুখ হৈ এই মন্তব্য আগবঢ়াইছে একালৰ কিংবদন্তি বেটছমেন ৰাহুল দ্রাবিড়ে৷

ভাৰতীয় ১৯ বছৰ অনূর্ধ্ব আৰু ভাৰতীয় ‘এ’ দলৰ প্রশিক্ষকৰ দায়িত্ব পালনৰ লগতে ৰাষ্ট্রীয় ক্রিকেট একাডেমীৰ সঞ্চালক হিচাপে কার্যনির্বাহ কৰি থকা প্রাক্তন ক্রিকেটাৰগৰাকীয়ে আজি এক সাক্ষাৎকাৰত কয় যে বর্তমানৰ ভাৰতীয় বেগী বলাৰসকল হ’ল দেশৰ যুৱপ্রজন্মৰ বাবে আদর্শস্বৰূপ৷ ‘ঈশান্ত, ছামি, উমেশ, ভুবনেশ্বৰ আৰু বুমৰাহে দেশৰ নৱপ্রজন্মৰ সন্মুখত এক আদর্শ স্থাপন কৰিবলৈ সক্ষম হৈছে৷ এইসকল তাৰকাক প্রত্যক্ষ কৰি যুৱ বলাৰসকলে বিশ্বাস কৰিবলৈ আৰম্ভ কৰিছে যে তেওঁলোকেও তীব্র বেগেৰে বল কৰিব পাৰিব আৰু বেগী বলাৰ হিচাপে প্রতিষ্ঠিত হ’ব পাৰিব৷’– দ্রাবিড়ে এইদৰে কয়৷

ইফালে, শেহতীয়াকৈ অষ্ট্রেলিয়াৰ তাৰকা ক্রিকেটাৰ গ্লেন মেক্সৱেলে মানসিক স্বাস্থ্যজনিত সমস্যাৰ বাবে সাময়িকভাৱে ক্রিকেটৰ পৰা বিশ্রাম লোৱা সন্দর্ভত দ্য ৱালখ্যাত প্রাক্তন ক্রিকেটাৰগৰাকীয়ে কয় যে ক্রিকেটৰ দৰে কঠিন খেলত মানসিক স্বাস্থ্য এতিয়া এক বৃহৎ প্রত্যাহ্বানস্বৰূপ হৈ পৰিছে৷ খেলুৱৈসকলে ব্যস্ত সূচীৰ মাজতে মানসিক ভাৰসাম্য বর্তাই ৰখা উচিত৷