ভাৰতৰ প্ৰথম খন দিবা নৈশ টেষ্ট ক্ৰিকেটত উপস্থিত থাকিব অমিত শ্বাহ

গৃহ মন্ত্ৰী অমিত শ্বাহৰ উপৰিও বাংলাদেশৰ প্ৰধান মন্ত্ৰী শ্বেখ হাছিনা আৰু পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী উপস্থিত থাকিব।

নিউজ ডেস্ক ১৪ নৱেম্বৰঃ কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে কলকাতাত অনুষ্ঠিত হ’ব লগীয়া ভাৰত আৰু বাংলাদেশৰ মাজত  প্ৰথম খন দিবা নৈশ টেষ্ট ক্ৰিকেট মেচত উপস্থিত থাকিব। গৃহ মন্ত্ৰী অমিত শ্বাহৰ উপৰিও বাংলাদেশৰ প্ৰধান মন্ত্ৰী শ্বেখ হাছিনা আৰু পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী উপস্থিত থাকিব।
আনহাতে দিবা নৈশ টেষ্ট ক্ৰিকেটৰ প্ৰাকক্ষণত অভিনৱ বিন্দ্ৰা আৰু মেৰি কমকো ইডেন গাৰ্ডেনত সম্বৰ্ধণা জনোৱা হব । বেংগল ক্ৰিকেটৰ সাধাৰণ সম্পাদক অভিষেক ডালিমিয়াই এই কথা উল্লেখ কৰে।

amit shahday night testeden gardenkolkatta