ভেলেন্সিয়াৰ ৩৫ শতাংশ খেলুৱৈ ক’ৰোনাত আক্রান্ত

নিয়মীয়া বার্তা, ১৯ মার্চঃ মাৰাত্মক ক’ৰোনা ভাইৰাছৰ বাবে সম্প্রতি স্থবিৰ হৈ পৰিছে বিশ্বৰ ক্রীড়া জগত৷ এই মহামাৰী ক’ৰোনা ভাইৰাছৰ বাবেই দেশৰ বিভিন্ন প্রান্তত স্থগিত হৈছে ইখনৰ পিছত সিখনকৈ আগশাৰীৰ প্রতিযোগিতা৷ এই মহামাৰী ভাইৰাছত আক্রান্ত হৈছে স্পেইনৰো লোক৷ দেশখনৰ আগশাৰীৰ ফুটবল ক্লাব ভেলেন্সিয়াৰ খেলুৱৈও আক্রান্ত হৈছে এই মহামাৰী ক’ৰোনা ভাইৰাছত৷ ক্লাবটোৰ ৩৫ শতাংশ খেলুৱৈয়ে ক’ৰোনা ভাইৰাছত আক্রান্ত হৈছে বুলি দলটোৰ এক বিবৃতিত সদৰী৷

আর্জেণ্টিনাৰ ডিফেণ্ডাৰ ইজেকুইল গাৰাইৰ লগতে দলটোৰ পাঁচগৰাকী খেলুৱৈ এই ক’ৰোনা ভাইৰাছত আক্রান্ত হোৱা বুলি দেওবাৰে ভেলেন্সিয়া দলটোৰ এক বিবৃতিত উল্লেখ৷

উল্লেখ্য যে এই ক’ৰোনা ভাইৰাছে স্পেইনত মহামাৰীৰ ৰূপ ধাৰণ কৰিছে আৰু এতিয়ালৈকে ৩০৯গৰাকী লোকৰ মৃত্যু হৈছে৷

Comments (0)
Add Comment