মৰিয়নিত আন্তঃবিদ্যালয় ফুটবল প্ৰতিযোগিতা

বিশেষ বাৰ্তা, ২ জানুৱাৰীঃ মৰিয়নিৰ অগ্ৰণী শিক্ষানুষ্ঠান মহাদেৱ আগৰৱালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উদ্যোগত হাইস্কুল শিক্ষান্ত পৰীক্ষা কেন্দ্ৰ পৰিচালনা সমিতি, মৰিয়নিৰ অন্তৰ্গত বিদ্যালয়সমূহৰ মাজত প্ৰথম বাৰৰ বাবে অনুষ্ঠিত হোৱা দুদিনীয়া আন্তঃ বিদ্যালয় ফুটবল প্ৰতিযোগিতাত ঠাকুৰ প্ৰসাদ পাব্লিক হাইস্কুল আৰু মহাদেৱ আগৰৱালা উচ্চতৰ মাধ্যমিক বিদ্যালয় চেম্পিয়ন হৈছে । আজি মহাদেৱ আগৰৱালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত ল’ৰাৰ শাখাৰ ফাইনেলত ঠাকুৰ প্ৰসাদ পাব্লিক হাইস্কুলে ভেলেউগুৰি আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ক একমাত্ৰ গ’লৰ ব্যৱধানত পৰাজিত কৰে। উত্তেজনাপূৰ্ণ খেলখনৰ ১৪ মিনিটত ভেলেউগুৰিৰ ডিফেণ্ডাৰে বক্সৰ ভিতৰত হেণ্ডবল কৰাত ৰেফাৰীয়ে পেনাল্টীৰ নিৰ্দেশ দিয়ে । ঠাকুৰ প্ৰসাদৰ নিৰ্ভৰযোগ্য খেলুৱৈ ৰাহুল কৰ্মকাৰে সেই পেনাল্টী কাৰ্যকৰী কৰি বিজয়সূচক গ’লটো দিয়ে। ছেমিফাইনেলত ঠাকুৰ প্ৰসাদে বংশীগোপাল হাইস্কুলক ১-০ গ’লত আৰু ভেলেউগুৰি স্কুলে মহাদেৱ আগৰৱালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ক ১-০ গ’লত পৰাজিত কৰি ফাইনেলত প্ৰৱেশ কৰিছিল। আনহাতে, ছোৱালীৰ শাখাত মহাদেৱ আগৰৱালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ে জংঘল ব্লক হাইস্কুলক ২-০ গ’লত পৰাজিত কৰি চেম্পিয়নৰ খিতাপ অৰ্জন কৰে। ছেমিফাইনেলত মহাদেৱ আগৰৱালাই মৰিয়নি বালিকা বিদ্যালয়ক ২-০ গ’লত আৰু জংঘলব্লকে বংশী গোপাল হাইস্কুলক একমাত্ৰ গ’লত পৰাজিত কৰি ফাইনেল খেলাৰ যোগ্যতা অৰ্জন কৰিছিল। খেলসমূহ পৰিচালনা কৰে ৰাজীৱ কৰ্মকাৰ, প্ৰাঞ্জল পাওগাম, মৃগন্ত হাজৰিকা, প্ৰদীপ মজুমদাৰ, নিত্যৰঞ্জন ফুকন, দেবু গোৱালা, মিকু পাওগাম আৰু অনিল উৰাঙে। ল’ৰাৰ শাখাত ঠাকুৰ প্ৰসাদ স্কুলৰ ৰাহুল কৰ্মকাৰ শ্ৰেষ্ঠ খেলুৱৈ আৰু ছোৱালীৰ শাখাত জংঘল ব্লক স্কুলৰ বিনীতা ৰাজোৱাৰে শ্ৰেষ্ঠা খেলুৱৈৰ পুৰস্কাৰ লাভ কৰে। আনহাতে খেলৰ শেষত জ্যেষ্ঠ শিক্ষক প্ৰিতম কুমাৰ শইকীয়াই আঁ‌ত ধৰা বঁ‌টা বিতৰণি অনুষ্ঠানত মৰিয়নি ক্ৰীড়া সন্থাৰ সভাপতি- তথা বিধায়ক ৰূপজ্যোতি কুৰ্মী, ক্ৰীড়া সংগঠক- শিক্ষাবিদ বিমান বৰবৰা, মৰিয়নি মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ শিশিৰ কুমাৰ বৰঠাকুৰ, মৰিয়নি ক্ৰীড়া সন্থাৰ ভাৰপ্ৰাপ্ত সম্পাদক দীপক দত্ত, মৰিয়নি পৌৰসভাৰ পৌৰপতি বিশ্বপ্ৰভা শইকীয়া, ৱাৰ্ড সদস্যা ৰঞ্জুশ্ৰী দাস, যোৰহাট হোমিওপেথিক কলেজৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ডাঃ বীৰেন্দ্ৰ কুমাৰ ফুকন, যুৱ সমাজকৰ্মী জিয়াউৰ ৰহমান আদি উপস্থিত থাকি বঁ‌টাসমূহ প্ৰদান কৰে।

প্ৰেৰক দিব্যজ্যোতি শইকীয়া

Featured