লাৰাৰ অভিলেখ ভঙাৰ সপোন ৱার্নাৰৰ

নিয়মীয়া বাৰ্তা ৫ ডিচেম্বৰঃ ৱেষ্ট ইণ্ডিজৰ কিংবদন্তি বেটছমেন ব্রায়ান লাৰাৰ ৪০০ ৰানৰ অভিলেখ ভংগৰ সপোন পুহি ৰাখিছে অষ্ট্রেলিয়াৰ বিস্ফোৰক অ’পেনাৰ ডেভিদ ৱার্নাৰে৷ শেহতীয়াকৈ পাকিস্তানৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত অপৰাজিত ৩৩৫ ৰানৰ মাৰাথন ইনিংছ খেলা তাৰকাগৰাকীয়ে  ৱেষ্ট ইণ্ডিজৰ একালৰ মহান বেটছমেনগৰাকীক সাক্ষাৎ কৰি ছ’চিয়েল মিডিয়াত এই সপোনৰ কথা অৱগত কৰে৷ লাৰাক সাক্ষাৎ কৰি উৎফুল্লিত বুলি উল্লেখ কৰি ৱার্নাৰে কয় যে কেৰিবিয়ান ক্রিকেট কিংবদন্তিগৰাকীৰ ৪০০ ৰানৰ অভিলেখ স্পর্শ কৰাৰ সুযোগ তেওঁ পুনৰ এদিন লাভ কৰিব বুলি আশা কৰিছে৷ উল্লেখ্য যে এডিলেইড টেষ্টত ৱার্নাৰে ৩৩৫ ৰানত অপৰাজিত হৈ থকাৰ সময়তে অষ্ট্রেলিয়ান অধিনায়ক টিম পেইনে দলীয় ইনিংছ ঘোষণা কৰাত অ’পেনাৰগৰাকীৰ ৪০০ ৰানৰ মাইলষ্ট’নত উপনীত হোৱাৰ আশা ভংগ হয়৷ ইফালে, ৱার্নাৰক সাক্ষাৎৰ পিছত লাৰায়ো এই আশা প্রকাশ কৰিছে যে অষ্ট্রেলিয়াৰ বিস্ফোৰক অ’পেনাৰগৰাকীয়ে এদিন তেওঁৰ ৪০০ ৰানৰ অভিলেখ স্পর্শ কৰিবলৈ সক্ষম হ’ব৷

Comments (0)
Add Comment