শৃংখলা দখলত ধ্যান দিয়াৰ প্ৰয়োজনঃ ৰোহিত

নিয়মীয়া বাৰ্তা ১১ ডিচেম্বৰঃ আগন্তুক টি–২০ বিশ্বকাপৰ প্রতি লক্ষ্য নাৰাখি ৱেষ্ট ইণ্ডিজৰে চলি থকা টি–২০ শৃংখলাটো দখলৰ ক্ষেত্রত ধ্যান দিয়াৰ প্রয়োজন৷ এই মন্তব্য টীম ইণ্ডিয়াৰ তাৰকা অ’পেনাৰ ৰোহিত শর্মাৰ৷ চলিত টি–২০ শৃংখলাটোৰ প্রথম দুখন মেচত বিশেষ উন্নত প্রদর্শন দাঙি ধৰিব পৰা নাই যদিও ৰোহিত শর্মা কাইলৈৰ নির্ণায়ক মেচখনক লৈ আত্মবিশ্বাসী৷ অহা বছৰ হ’বলগীয়া টি–২০ বিশ্বকাপখনক লৈ চিন্তা–চর্চা চলি আছে যদিও কাইলৈ ৱাংখেড়েত হ’বলগীয়া শৃংখলা যুঁজৰ মেচখনত অধিক গুৰুত্ব দিয়াৰ প্রয়োজন৷ এই শৃংখলাটো দখল কৰিব পাৰিলে আগন্তুক টি–২০ মেচৰ শৃংখলাকেইটাত ভাৰতীয় দলটোৰ মনোবল বৃদ্ধি পাব আৰু এই মনোবল টি–২০ বিশ্বকাপখনৰ বাবে ভাৰতীয় দলটোৰ সহায়ক হ’ব বুলি ৰোহিতে উল্লেখ কৰে৷

Comments (0)
Add Comment