সময়মতে হ’ব টি–২০ বিশ্বকাপ

নিয়মীয়া বাৰ্তা, ১৮ মার্চঃ চীনত উদ্ভৱ হোৱা মাৰাত্মক ক’ৰোনা ভাইৰাছে সমগ্র বিশ্বৰ ক্রীড়াক্ষেত্রক স্তব্ধ কৰি তুলিলেও চলিত বর্ষৰ আই চি চি টি–২০ বিশ্বকাপ সময় মতে আয়োজন কৰিবলৈ প্রতিশ্রুতিবদ্ধ ক্রিকেট অষ্ট্রেলিয়া৷দেশখনৰ ক্রিকেট ব’ডৰ মুৰব্বী কেভিন ৰবার্টছে আজি কয় যে অনাগত কেইটামান সপ্তাহৰ ভিতৰত পৰিস্থিতি স্বাভাৱিক হৈ পৰিব আৰু সকলো ধৰণৰ ক্রীড়া ইভেণ্ট পুনৰ আৰম্ভ হ’ব বুলি তেওঁলোক আশাবাদী৷ ‘বিশ্বজুৰি সম্প্রতি সৃষ্টি হোৱা পৰিস্থিতি অতি উদ্বেগজনক৷ কিন্তু আমি আশা কৰিছোঁ যে অক্টোবৰ–নৱেম্বৰলৈ পৰিস্থিতি স্বাভাৱিক হ’ব আৰু আমি নির্ধাৰিত সূচী অনুসৰি অক্টোবৰত টি–২০ বিশ্বকাপ আয়োজন কৰিব পাৰিম৷’ ৰবার্টছে এইদৰে কয়৷

উল্লেখ্য যে চলিত বর্ষৰ আই চি চি টি–২০ বিশ্বকাপ অষ্ট্রেলিয়াত অহা ২৪ অক্টোবৰৰ পৰা আৰম্ভ হ’ব৷ ১৫ নৱেম্বৰত মেলব’ন ক্রিকেট গ্রাউণ্ডত অনুষ্ঠিত হ’বলগীয়া প্রতিযোগিতাৰ ফাইনেলত দর্শকেৰে ষ্টেডিয়াম ভৰি পৰিব বুলিও আশাবাদী ক্রিকেট অষ্ট্রেলিয়াৰ মুৰব্বীগৰাকী৷ তেওঁ কয় যে কিছুদিন পূর্বে মহিলা টি–২০ বিশ্বকাপৰ ফাইনেলত দর্শকেৰে ঠাহ খাই পৰিছিল এম চি জিৰ গেলেৰী৷ ঠিক একেদৰে পুৰুষৰ টি–২০ বিশ্বকাপতো অনুৰূপ পৰিৱেশ সৃষ্টি হ’ব৷ মন কৰিবলগীয়া যে মাৰাত্মক ক’ৰোনা ভাইৰাছে সমগ্র বিশ্বজুৰি প্রায় এক লাখ ৭৫ হাজাৰ লোকক আক্রমণ কৰিছে আৰু ৭ হাজাৰৰ প্রাণ কাঢ়ি নিছে৷ এই ভাইৰাছৰ আতংকত ইতিমধ্যে সমগ্র বিশ্বৰ ক্রীড়া ইভেণ্টসমূহ স্থবিৰ হৈ পৰিছে৷

Comments (0)
Add Comment