স্বদেশলৈ ৰাওনা দক্ষিণ আফ্রিকা ক্রিকেট দল

নিয়মীয়া বার্তা, ১৯ মার্চঃ ক’ৰোনা ভাইৰাছৰ বাবে আধাতে ভাৰত ভ্রমণ সামৰি স্বদেশলৈ ৰাওনা হোৱা দক্ষিণ আফ্রিকা ক্রিকেট দলটোৰ সদস্যসকলক ১৪ দিন অকলশৰীয়াকৈ ৰখা হ’ব৷ ক্রিকেট দক্ষিণ আফ্রিকাৰ মুখ্য মেডিকেল বিষয়া ডাঃ ছোৱাইব মানৰাই কালি এই কথা সদৰী কৰিছে৷

বিশ্বৰ বিভিন্ন প্রান্তৰ লগতে ভাৰতৰ লোকো মহামাৰী ক’ৰোনা ভাইৰাছত আক্রান্ত হোৱাৰ পিছত টীম ইণ্ডিয়া আৰু দক্ষিণ আফ্রিকাৰ মাজৰ তিনিখনীয়া এদিনীয়া মেচৰ শৃংখলাটোৰ অন্তিম দুখন মেচ বাতিল কৰা হয়৷ দলটো মঙলবাৰে পুৱতি নিশা দক্ষিণ আফ্রিকালৈ ৰাওনা হোৱাৰ পিছত ক্রিকেট দক্ষিণ আফ্রিকাৰ মুখ্য মেডিকেল বিষয়াগৰাকীয়ে কয় যে পৰৱর্তী ১৪ দিন খেলুৱৈসকলক পৃথকে পৃথকে ৰখা হ’ব আৰু তেওঁলোকক পৰীক্ষা কৰা হ’ব৷ মাৰাত্মক ভাইৰাছবিধৰ প্রতি লক্ষ্য ৰাখিয়েই ক্রিকেটাৰসকলক পৃথকে পৃথকে ৰাখি পৰীক্ষা কৰা হ’ব বুলি মুখ্য মেডিকেল বিষয়াগৰাকীয়ে ব্যক্ত কৰে৷

Comments (0)
Add Comment