স্মৃতি মান্ধানাৰ ৫৫ ৰাণৰ সহায়ত জয়ৰ মুখ দেখিলে ভাৰতে

নিয়মীয়া বাৰ্তা ৮ ফেব্ৰুৱাৰীঃ অষ্ট্রেলিয়াত চলি থকা ত্রিদেশীয় মহিলা টি–২০ শৃংখলাটোত জয়ৰ মুখ দেখিছে হৰমনপ্রীত কৌৰ নেতৃত্বাধীন ভাৰতীয় দলটো মহিলা দলটোৱে। মেলৱৰ্ণত অষ্ট্ৰেলিয়াৰ বিৰোধে অনুষ্ঠিত হোৱা টি-২০ মেচ খনত ভাৰতে টছত জয়ী হৈ ফিল্ডিং সিদ্ধান্ত লয়। অষ্ট্ৰেলিয়াই ২০ অভাৰত ৫ টা উইকেটৰ বিনিময়ত ১৭৩ ৰাণ সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত ভাৰতে ৩ টা উইকেট হেৰুৱাই ১৭৭ ৰাণ সংগ্ৰহ কৰি জয়ৰ লক্ষ্যত উপনীত হয়। ভাৰতীয় দলৰ হৈ স্মৃতি মান্ধনাই ৫৫ ৰাণৰ ইংনিছ খেলে।

Featured
Comments (0)
Add Comment