হাত পৰিষ্কাৰত গুৰুত্ব দিয়াৰ আহ্বান শচীন কোহলি–সিন্ধু ছাইনা–ৰিজিজুৰ

নিয়মীয়া বার্তা, ১৯ মার্চঃ সমগ্র বিশ্বৰ লগতে ভাৰতবর্ষতো দিনকদিনে বৃদ্ধি পাবলৈ ধৰিছে মহামাৰী ক’ৰোনা ভাইৰাছত আক্রান্তৰ সংখ্যা৷ এতিয়ালৈকে এই মহামাৰী ক’ৰোনা ভাইৰাছৰ কোনো প্রতিষেধক ঔষধ ওলোৱা নাই যদিও সতর্ক হৈ থাকিলে ইয়াৰ পৰা পৰিত্রাণ পাব পাৰি৷ এই মহামাৰী ভাইৰাছৰ বাবে সম্প্রতি বিশ্বৰ ক্রীড়াক্ষেত্র স্থবিৰ হৈ থকাত ক্রীড়াৰ পৰা আঁতৰি থাকিলেও জনতাক সেৱা আগবঢ়াইছে কেইবাগৰাকীও ভাৰতীয় ক্রীড়াবিদে৷ মাষ্টাৰ ব্লাষ্টাৰ শচীন তেণ্ডুলকাৰৰ লগতে তাৰকা ক্রিকেটাৰ বিৰাট কোহলি, ৰবিচন্দ্রন অশ্বিন, শিখৰ ধাৱন, ৰোহিত শর্মা, শ্বাটলাৰ পি ভি সিন্ধু, ছাইনা নেহৱাল, কিদাম্বি শ্রীকান্ত, পুৰাপল্লি কাশ্যপ, তাৰকা দৌৰবিদ হিমা দাসৰ উপৰি কেন্দ্রীয় ক্রীড়ামন্ত্রী কিৰেণ ৰিজিজুৱেও জনসাধাৰণক এই ক’ৰোনা ভাইৰাছবিধৰ প্রতি সজাগ কৰাৰ বাবে বিশেষ পদক্ষেপ গ্রহণ কৰিছে৷ ক্রীড়াবিদকেইগৰাকীৰ লগতে ক্রীড়ামন্ত্রী ৰিজিজুৱে সজাগতাৰ অংশ হিচাপে হাত পৰিষ্কাৰৰ ক্ষেত্রত সকলোকে গুৰুত্ব আৰোপ কৰিবলৈ কয়৷ তেণ্ডুলকাৰৰ লগতে পি ভি সিন্ধু আৰু হিমা দাস আৰু কেন্দ্রীয় ক্রীড়ামন্ত্রীগৰাকীয়ে নিজেই হাত পৰিষ্কাৰ কৰাৰ দৃশ্য ভিডিঅ’যোগে প্রকাশ কৰে৷

আনহাতে, ভাৰতীয় দলটোৰ বাঁওহতীয়া তাৰকা বেটছমেন শিখৰ ধাৱনে জনসাধাৰণক জনসমাগমৰ পৰা আঁতৰত থাকিবলৈ আহ্বান জনাইছে আৰু নিজেও প্রয়োজনীয় কামসমূহ ঘৰৰ পৰাই কৰি আহিছে৷ তাৰকা অফ স্পিনাৰ ৰবিচন্দ্রন অশ্বিনে জনসাধাৰণক এই মাৰাত্মক ভাইৰাছবিধৰ পৰা আঁতৰত থাকিবলৈ অনুৰোধ জনাইছে৷ উল্লেখ্য যে চীনৰ য়ুহানৰ পৰা বিশ্বৰ বিভিন্ন প্রান্তলৈ সম্প্রসাৰিত হোৱা এই মহামাৰী ভাইৰাছবিধত এতিয়ালৈকে বিশ্বৰ ১৮০ হাজাৰৰো অধিক লোক আক্রান্ত হৈছে আৰু ৮ হাজাৰৰো অধিক লোকে ইতিমধ্যে এই ভাইৰাছত মৃত্যুমুখত পৰিছে৷ ইপিনে, ভাৰততো আক্রান্তৰ সংখ্যা দিনকদিনে বৃদ্ধি পাবলৈ ধৰিছে৷

Comments (0)
Add Comment