১৯ অনূর্ধ্ব বিশ্বকাপত বাংলাদেশ চেম্পিয়ন

নিয়মীয়া বাৰ্তা ১০ ফেব্ৰুৱাৰীঃ ডিফেণ্ডিং চেম্পিয়ন ভাৰতক পৰাস্ত কৰি ১৯ বছৰ অনূর্ধ্ব আই চি চি বিশ্বকাপৰ নতুন চেম্পিয়ন হ’ল বাংলাদেশ৷ দক্ষিণ আফ্রিকাৰ প’টচেফষ্ট্রু’মত আজি অনুষ্ঠিত ৰোমাঞ্চকৰ ফাইনেলত বাংলাদেশে তিনি উইকেটত জয় সাব্যস্ত কৰিবলৈ সক্ষম হয়৷ মন কৰিবলগীয়া যে আন্তঃৰাষ্ট্রীয় ক্রিকেটত বাংলাদেশৰ এয়া প্রথমটো বৃহৎ খিতাপ৷ ইয়াৰ পূর্বে দলটোৱে ছিনিয়ৰ অথবা জুনিয়ৰ পর্যায়ত কেতিয়াও আইচিচিৰ খিতাপ জয় কৰিবলৈ সক্ষম হোৱা নাছিল৷ দক্ষিণ আফ্রিকাৰ ভূমিত বাংলাদেশৰ এই ঐতিহাসিক জয়ৰ মূলতে আছিল দলটোৰ সংঘবদ্ধ প্রদর্শন৷ প্রথমতে বলিং আৰু ফিল্ডিঙত দুর্দান্ত প্রদর্শন আগবঢ়োৱাৰ পিছত দলটোৱে বেটিঙত যুঁজাৰু মানসিকতাৰ পৰিচয় দি ভাৰতৰ পৰা জয় আঁজুৰি আনিবলৈ সক্ষম হয়৷ বাংলাদেশৰ হৈ অ’পেনাৰ পাৰভেজ হুছেইন ইমনে সর্বাধিক ৪৭ আৰু অধিনায়ক আকবৰ আলীয়ে অপৰাজিতভাৱে ৪৩ ৰান সংগ্রহ কৰে৷ ভাৰতৰ হৈ প্রতিভাৱান লেগস্পিনাৰ ৰবি বিষ্ণৈ–এ চাৰিটা, সুশান্ত মিশ্রই দুটা আৰু যশস্বী জয়ছোৱালে এটা উইকেট দখল কৰিবলৈ সক্ষম হয়৷ বাংলাদেশে এটা সময়ত ৮৫ ৰানতে পাঁচটা উইকেট হেৰুৱাই পৰাজয়ৰ আশংকাত ভুগিছিল যদিও অধিনায়ক আকবৰ আলী, পাৰভেজ হুছেইন ইমনৰ দায়িত্বপূর্ণ বেটিঙৰ সহায়ত দলটোৱে স্মৰণীয় জয়ৰ সোৱাদ লাভ কৰে৷ ১৭৮ ৰানৰ লক্ষ্যৰ পিছ লৈ ৪১ অভাৰত ১৬৩ ৰান সংগ্রহ কৰাৰ সময়তে বৰষুণ অহাত বাংলাদেশে নতুনকৈ ১৭০ ৰানৰ লক্ষ্য লাভ কৰে৷ দলটোৱে ৪২.১ অভাৰত ৭ উইকেটৰ বিনিময়ত এই লক্ষ্যত উপনীত হৈ প্রথমবাৰৰ বাবে আই চি চি বিশ্বকাপত চুম্বন দিয়ে৷ ইয়াৰ পূর্বে ভাৰতে প্রথমে বেটিং কৰি ৪৭.২ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই ১৭৭ ৰানহে সংগ্রহ কৰে৷ দলটোৰ হৈ অ’পেনাৰ জয়ছোৱালে ৮৮, তিলক বার্মাই ৩৮ আৰু ধ্রুৱ জুৰেলে ২২ ৰান কৰে৷ উল্লেখ্য যে যশস্বী জয়ছোৱালে প্রতিযোগিতাখনত মুঠ ৪০০ ৰানেৰে সর্বাধিক ৰান সংগ্রহকাৰীৰ বঁটা লাভ কৰিবলৈ সক্ষম হয়৷

Comments (0)
Add Comment