নিউজডেস্ক, ১৯ নৱেম্বৰঃ কাটাৰত ২০২২ চনত অনুষ্ঠিত হ’বলগীয়া ফিফা বিশ্বকাপৰ যোগ্যতা নিৰ্ণায়ক ৰাউণ্ডত আশা জীয়াই ৰাখিবলৈ মঙলবাৰে শক্তিশালী ওমানৰে মৰণপণ যুঁজত অৱতীৰ্ণ হ’ব ভাৰত । এইপৰ্যন্ত খেলা চাৰিখন মেচত জয়ৰ মুখ নেদেখা সুনীল ছেত্ৰী নেতৃত্বাধীন দলটোৰ বাবে এই মুহূৰ্তত জয় অনিবাৰ্য হৈ পৰিছে । কিয়নো ৩ খন খেলত ড্ৰ আৰু এখনত পৰাজয়ৰ পিছত ভাৰতে এতিয়া মাত্ৰ তিনি পইণ্টেৰে গ্ৰুপ ইৰ চতুৰ্থ স্থানত আছে । ইয়াৰ বিপৰীতে এছিয়াৰ অন্যতম শক্তিশালী দল ওমানে চাৰিখন মেচৰ পৰা ৯ পইণ্ট সংগ্ৰহ কৰি গ্ৰুপৰ দ্বিতীয় স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছে । এছিয়ান চেম্পিয়ন কাটাৰে ১০ পইণ্টেৰে এই গ্ৰুপৰ শীৰ্ষত আছে ।
ইপিনে মঙলবাৰৰ মেচখনত ওমানক ঘৰৰ মাটিত হৰুৱাই ব্লু টাইগাৰ্ছে অঘটন সৃষ্টি কৰিলেহে বিশ্বকাপৰ কোৱালিফিকেচন ৰাউণ্ডৰ পৰৱৰ্তী পৰ্যায়লৈ উন্নীত হোৱাৰ সম্ভাৱনা জীয়াই থাকিব । উল্লেখ্য যে ইয়াৰ পিছত ভাৰতৰ হাতত থাকিব মাত্ৰ তিনিখন মেচ । এই তিনিখন মেচৰ পৰা সৰ্বাধিক ৯ পইণ্ট অৰ্জন কৰিলেও সুনীল ছেত্ৰী বাহিনীয়ে কাটাৰ আৰু ওমানক অতিক্ৰম কৰি বিশ্বকাপৰ কোৱালিফিকেচন ৰাউণ্ডৰ পৰৱৰ্তী পৰ্যায়লৈ উন্নীত হোৱাৰ সুযোগ নাথাকিব । ভাৰতে অহা বৰ্ষৰ ২৬ মাৰ্চত ঘৰৰ মাটিত আফগানিস্তানৰ বিৰুদ্ধে কোৱালিফিকেচন ৰাউণ্ডৰ পৰৱৰ্তী মেচ তিনিখন খেলিব । আনহাতে মঙলবাৰে ওমানৰ বিৰুদ্ধে জয় সাব্যস্ত কৰিলেহে ব্লু টাইগাৰ্ছৰ বাবে পৰৱৰ্তী তিনিখন মেচৰ গুৰুত্ব বৰ্তি থাকিব ।