২৪লৈ কার্যকাল বৃদ্ধি হ’ব বিচিচিআইৰ সভাপতি সৌৰভ গাংগুলীৰ

নিয়মীয়া বাৰ্তা ২ ডিচেম্বৰঃ ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ডৰ সভাপতিৰ আসনত বংগৰ মহাৰাজা সৌৰভ গাংগুলী ২০২৪ চন পর্যন্ত অধিষ্ঠিত হৈ থকাটো একপ্রকাৰ নিশ্চিত হৈছে৷ বি চি চি আইৰ বার্ষিক সাধাৰণ সভাই ব’ডৰ বিষয়ববীয়াৰ কার্যকালৰ সীমাবদ্ধতা সন্দর্ভত থকা পূর্বৰ নিয়ম সংশোধনৰ প্রস্তাৱ উত্থাপন কৰি গাংগুলীৰ কার্যকাল বৃদ্ধিৰ বাট মুকলি কৰি দিছে৷ সম্পূর্ণ তিনি বছৰৰ মূৰত দেওবাৰে মুম্বাইত অনুষ্ঠিত ব’ডৰ বহু প্রত্যাশিত এ জি এমত প্রাক্তন অধিনায়কগৰাকীৰ কার্যকাল ৯ মাহৰ পৰা অতি কমেও ৫ বছৰলৈ বৃদ্ধি কৰাৰ উদ্দেশ্যে প্রয়োজনীয় সংবিধান সংশোধনীত অনুমোদন জনোৱা হয়৷

ব’ডৰ এই প্রস্তাৱিত সংশোধনী এতিয়া দেশৰ উচ্চতম ন্যায়ালয়ৰ অনুমোদনৰ বাবে প্রেৰণ কৰা হ’ব৷ উল্লেখ্য যে উচ্চতম ন্যায়ালয়ৰ দ্বাৰা নিযুক্ত লোধা কমিটীয়ে প্রস্তুত কৰি দিয়া ব’ডৰ সংবিধান অনুসৰি এগৰাকী বিষয়ববীয়াই বি চি চি আই অথবা ৰাজ্যিক সংস্থাত একেৰাহে দুবাৰ তিনিবছৰীয়া কার্যকাল সম্পূর্ণ কৰাৰ পিছত তেওঁ পৰৱর্তী তিনি বছৰ ব’ড অথবা ৰাজ্যিক সংস্থাত কোনো বিষয়বাব গ্রহণ কৰিব নোৱাৰে৷ এই নিয়মৰ ফলত সৌৰভ গাংগুলীৰ দৰে দেশৰ বহুতো অভিজ্ঞ ক্রিকেট প্রশাসকে ব’ড অথবা ৰাজ্যিক ক্রিকেট সংস্থাত দীর্ঘদিন ধৰি কার্যনির্বাহ কৰাত বাধাৰ সৃষ্টি হৈছে৷ লোধা কমিটীৰ এই বিতর্কিত নিয়মৰ অধীনত গাংগুলীয়ে ব’ডৰ সভাপতি হিচাপে মাত্র ৯ মাহহে কার্যনির্বাহ কৰিব পাৰিব৷ কিন্তু মুম্বাইত দেওবাৰে অনুষ্ঠিত বি চি চি আইৰ ৮৮সংখ্যক বার্ষিক সাধাৰণ সভাই লোধা কমিটীৰ এই বহু বিতর্কিত নিয়মৰ অৱসান ঘটাবলৈ সংবিধান সংশোধনৰ প্রস্তাৱ গ্রহণ কৰে৷ উচ্চতম ন্যায়ালয়ে এই প্রস্তাৱত অনুমোদন জনালে গাংগুলীয়ে অহা ২০২৪ চন পর্যন্ত ব’ডৰ মুৰব্বী হিচাপে অধিষ্ঠিত থকাটো নিশ্চিত হ’ব৷ এই নিয়মৰ সংশোধনৰ ফলত গাংগুলীৰ সমান্তৰালকৈ ব’ডৰ বর্তমানৰ সচিব জয় শ্বাহো লাভান্বিত হ’ব৷ বর্তমানৰ নিয়মৰ অধীনত তেওঁৰ কার্যকাল মাত্র ১ বছৰ যদিও উচ্চতম ন্যায়ালয়ে বি চি চি আইৰ বার্ষিক সাধাৰণ সভাৰ প্রস্তাৱত অনুমোদন জনালে গৃহমন্ত্রী অমিত শ্বাহৰ পুত্র জয় শ্বাহৰো কার্যকাল সম্প্রসাৰিত হ’ব৷

উল্লেখ্য যে যোৱা ২৩ অক্টোবৰত সৌৰভ গাংগুলী আৰু জয় শ্বাহে ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ডৰ সভাপতি আৰু সচিব হিচাপে দায়িত্ব গ্রহণ কৰিছিল৷ সভাপতিৰ দায়িত্ব গ্রহণৰ পিছৰে পৰা ভাৰতীয় ক্রিকেটৰ উন্নয়নৰ স্বার্থত কেইবাটাও গুৰুত্বপূর্ণ সিদ্ধান্ত গ্রহণ কৰা গাংগুলীৰ উপস্থিতিয়ে ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ডক সঠিক গতি প্রদান কৰিব বুলি দেশৰ ক্রিকেট মহলে মতপোষণ কৰিছে৷ সেইবাবে তেওঁৰ কার্যকাল ৯ মাহৰ পৰিৱর্তে অতি কমেও ৫ বছৰলৈ বৃদ্ধিৰ বাবে ব’র্ডে সর্বসন্মতিক্রমে দেওবাৰে প্রস্তাৱ গ্রহণ কৰে