‘৮৩’ মদন লালৰ চৰিত্ৰত দেখা যাব হার্ডি সান্ধুক

নিয়মীয়া বাৰ্তা, ১৮ জানুৱাৰীঃ ৰণবীৰ সিঙৰ আহিবলগীয়া নতুন ক্ৰীড়াভিত্তিক ছবি ‘৮৩’ ৰ সাতটা চৰিত্ৰক পৰিচয় কৰাৰ পিছত এইবাৰ ছ’চিয়েল মিডিয়া যোগে অভিনেতাজনে আন এটা চৰিত্ৰ পৰিচয় কৰাই দিয়ে ।

‘৮৩’ নামৰ ছবিখনৰ কপিল দেৱৰ চৰিত্ৰত অভিনয় কৰা ৰণবীৰ সিঙে এখন প’ষ্টাৰ প্ৰকাশ কৰি হার্ডি সান্ধুক মদন লালৰ চৰিত্ৰত অভিনয় কৰা বুলি মন্তব্য কৰে ।

৩৪ বছৰীয়া অভিনেতাজনে ইষ্টাগ্ৰামত এই কথা প্ৰকাশ কৰি লগতে লিখিছে যে- “PUNJAB DA GABRU VEER !!! Presenting @HARRDYSANDHU as the Dynamic MADAN LAL!!! #ThisIs83”

প’ষ্টাৰখনত হার্ডিকে তেওঁৰ ব’লিং একশ্বনত থকা দেখা গৈছে । উল্লেখ্য যে মদন লালে ১৯৮৩ ৰ বিশ্বকাপত ভাৰতক বিজয়ী কৰাত মুখ্য ভূমিকা পালন কৰিছিল ।

ইপিনে এই ছবিখনত ৰণবীৰৰ বিপৰীতে এক প্রধান চৰিত্রত দেখা পোৱা যাব দীপিকা পাডুকনক ।

কবিৰ খান পৰিচালিত ছবিখন অহা ১০ ​​এপ্রিলত মুক্তি পাব।

Comments (0)
Add Comment