ৰঞ্জিৰ পৰা আঁতৰি থাকিল বুমৰাহ

নিয়মীয়া বাৰ্তা ২৬ ডিচেম্বৰঃ বি চি চি আইৰ সভাপতি সৌৰভ গাংগুলীৰ হস্তক্ষেপত টীম ইণ্ডিয়াৰ তাৰকা বেগী বলাৰ যশপ্রীত বুমৰাহে বুধবাৰৰ পৰা আৰম্ভ হোৱা ৰঞ্জি ট্রফীৰ মেচখনৰ পৰা আঁতৰি থকাৰ অনুমতি লাভ কৰে৷ আঘাতৰ বাবে ছেপ্টেম্বৰৰ পৰা ভাৰতীয় দলৰ সৈতে নথকা তাৰকাগৰাকীয়ে গুজৰাটৰ হৈ চুৰাটত কেৰালাৰ বিৰুদ্ধে ৰঞ্জি ট্রফীৰ ‘এ’ গ্রুপৰ মেচখনত সুস্থতাৰ প্রমাণ দিয়াৰ কথা আছিল৷ কিন্তু প্রত্যাৱর্তনৰ ক্ষেত্রত অধিক ততাতৈয়া কৰিব নিবিচাৰি বুমৰাহে ব’ডৰ সভাপতি গাংগুলীক ৰঞ্জি ট্রফী মেচখনৰ পৰা আঁতৰি থকাৰ অনুমতি দিবলৈ আহ্বান জনাইছিল৷ ভাৰতীয় দলৰ বহু জয়ৰ নায়ক বুমৰাহৰ এই আহ্বানক গুৰুত্বসহকাৰে লৈ গাংগুলীয়ে শেষ মুহূর্তত তেওঁক গুজৰাটৰ ৰঞ্জি দলত অন্তর্ভুক্ত কৰিব নালাগে বুলি দলীয় মেনেজমেণ্টক নির্দেশ দিয়ে৷ উল্লেখ্য যে আন্তঃৰাষ্ট্রীয় মেচলৈ প্রত্যাৱর্তনৰ পূর্বে প্রথম শ্রেণীৰ ক্রিকেটত সুস্থতাৰ প্রমাণ দিয়াটো প্রতিগৰাকী ক্রিকেটাৰৰ ক্ষেত্রত বাধ্যতামূলক কৰিছিল ৰাষ্ট্রীয় নির্বাচক মণ্ডলীয়ে৷ কিন্তু বুমৰাহৰ অনুৰোধ ৰক্ষা কৰি গাংগুলীয়ে আজি প্রট’কল ভংগ কৰি তেওঁক বিশ্রামৰ সময় বৃদ্ধিৰ অনুমতি দিয়ে৷ ৰঞ্জি মেচখনত বুমৰাহৰ প্রদর্শন আৰু ফিটনেছ প্রত্যক্ষ কৰিবলৈ ইতিমধ্যে চুৰাটত উপস্থিত হৈছিল মুখ্য নির্বাচক এম এছ কে প্রসাদ৷ তাৰকা বেগী বলাৰগৰাকীক এতিয়া শ্রীলংকাৰ বিৰুদ্ধে টি–২০ শৃংখলাত পোনপটীয়াকৈ প্রত্যাৱর্তন ঘটোৱা দেখা যাব৷ টীম ইণ্ডিয়াই শ্রীলংকাৰ বিৰুদ্ধে অহা ৫ জানুৱাৰীত গুৱাহাটীৰ বর্ষাপাৰা ষ্টেডিয়ামত প্রথমখন টি–২০ খেলিব৷

Comments (0)
Add Comment