১২ লাখৰ জৰিমনা বাংগালুৰুৰ অধিনায়কক

নিয়মীয়া বাৰ্তা ২৬ ছেপ্টেম্বৰঃ  সংযুক্ত আৰব আমিৰ শ্বাহীত চলি থকা ইণ্ডিয়ান প্রিমিয়াৰ লীগত জৰিমনাৰ সন্মুখীন হ’ল ৰয়েল চেলেঞ্জার্ছ বাংগালুৰুৰ অধিনায়ক বিৰাট কোহলি৷ বৃহস্পতিবাৰে নিশা কিংছ একাদশ পঞ্জাবৰে খেলা মেচখনত মন্থৰ গতিত বলিং কৰাৰ বাবে অধিনায়ক কোহলিক জৰিমনা বিহা হয়৷ আই পি এলৰ নীতি–নিয়ম ভংগ কৰাৰ অপৰাধত কোহলিক ১২ লাখ টকাৰ জৰিমনা বিহা হয়৷ যোৱানিশাৰ মেচখনত ৰয়েল চেলেঞ্জার্ছ বাংগালুৰুৱে পঞ্জাবৰ হাতত ৯৭ ৰানৰ বৃহৎ ব্যৱধানত পৰাজয়ৰ সন্মুখীন হয়৷ কোহলি বাহিনীয়ে ২৮ ছেপ্টেম্বৰত ডিফেণ্ডিং চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছৰে পৰৱর্তী মেচখন খেলিব৷