ৰাজ্যত শীঘ্ৰেই আৰম্ভ হ’ব গ্ৰাছ ৰুট অলিম্পিক

নিয়মীয়া বাৰ্তা, ১৯ নৱেম্বৰঃ অসম অলিম্পিক সন্থাই ৰাজ্যখনৰ ক্ৰীড়া প্ৰতিভা চিনাক্তকৰণৰ বাবে এক নতুন কাৰ্যসূচী ৰূপায়ণ কৰিব । মুখ্যমন্ত্ৰী তথা অসম অলিম্পিক সন্থাৰ নৱনিৰ্বাচিত সভাপতি সৰ্বানন্দ সোণোৱালে সোমবাৰে অসম অলিম্পিক সন্থাৰ কাৰ্যকৰী সমিতিৰ প্ৰথমখন বৈঠকত এই কথা ঘোষণা কৰে । আৰ জি বৰুৱা প্ৰকল্পস্থিত অসম অলিম্পিক সন্থাৰ কাৰ্যালয়ত অনুষ্ঠিত কাৰ্যকৰী সমিতিৰ বৈঠকত অধ্যক্ষতা কৰি মুখ্যমন্ত্ৰী সোণোৱালে কয় যে, অসম অলিম্পিক সন্থাই অচিৰেই সমগ্ৰ ৰাজ্যজুৰি সম্ভাৱনীয়তা থকা ক্ৰীড়া প্ৰতিভা চিনাক্তকৰণৰ উদ্দেশ্যে গ্ৰাছ ৰুট অলিম্পিক-মিছন টেলেণ্ট হাণ্ট শীৰ্ষক এক নতুন কাৰ্যসূচী আৰম্ভ কৰিব । এই উদ্দেশ্যৰে অসম অলিম্পিক সন্থাৰ উপ-সভাপতি তথা স্বাস্থ্য বিভাগৰ ৰাজ্যিক মন্ত্ৰী পীয়ুষ হাজৰিকাৰ অধ্যক্ষতাত সোমবাৰে এখন সমিতি গঠন কৰা হয় । এই সমিতিখনে তৃণমূল পৰ্যায়ৰ ক্ৰীড়া সংস্থা, ক্লাৱ, ক্ৰীড়া সংগঠনৰ সৈতে মত বিনিময় কৰি বিস্তৃত কৰ্মসূচী প্ৰস্তুত কৰিব । এই প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কয় যে, গ্ৰাছ ৰুট অলিম্পিক কাৰ্যসূচীৰ অধীনত অসম অলিম্পিক সন্থাই ১০ বছৰৰ পৰা ৬০ বছৰ বয়সৰ সীমা সামৰি পাঁচটা শাখাত ক্ৰীড়া প্ৰতিযোগিতাৰ আয়োজন কৰিব । অসম অলিম্পিক সন্থাৰ সৈতে ৰাজ্যখনৰ তৃণমূল পৰ্যায়ৰ ক্ৰীড়া সংগঠনসমূহৰ এক শক্তিশালী যোগসূত্ৰ স্থাপনৰ ওপৰতো মুখ্যমন্ত্ৰীয়ে গুৰুত্ব আৰোপ কৰে । তেওঁ লগতে কয় যে, সমাজত শৃংখলাবদ্ধতা আৰু নিয়মানুৱৰ্তিতাৰ এক সুস্থ বাতাবৰণ সৃষ্টিৰ বাবে শিক্ষা, সংস্কৃতি আৰু ক্ৰীড়াৰ মাজত সমন্বয় গঢ়ি তোলাটো অত্যন্ত প্ৰয়োজনীয় । অসম অলিম্পিক সন্থাই ৰাজ্যখনত এক নতুন ধাৰণাৰ সৃষ্টি কৰিব লাগে যাতে তৃণমূল পৰ্যায়ৰ ক্ৰীড়া সংগঠনসমূহে ইয়াক অনুসৰণ কৰি এক উপযুক্ত ক্ৰীড়া অনুকুল বাতাবৰণ সূচনা কৰিব পাৰে । অহা বৰ্ষৰ জানুৱাৰীত গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া খেলো ইণ্ডিয়া য়ুথ গেমছত ৰাজ্যখনক প্ৰতিনিধিত্ব কৰিবলগীয়া খেলুৱৈসকলৰ সৈতে তেওঁ অচিৰেই প্ৰত্যক্ষভাৱে মত বিনিময় কৰিব বুলিও অলিম্পিক সন্থাৰ সভাপতি তথা মুখ্যমন্ত্ৰী সোণোৱালে উল্লেখ কৰে । এই বৈঠকতে অসম অলিম্পিক সন্থাৰ বিভিন্ন উপ-সমিতি আৰু আয়োগসমূহো গঠন কৰা হয় । মুখ্যমন্ত্ৰীয়ে ৰাজ্যখনৰ বিভিন্ন জিলাৰ ক্ৰীড়া বিষয়াসকলৰ সৈতেও মত-বিনিময় কৰে । জিলা ক্ৰীড়া বিষয়াসকলক তেওঁ ক্ৰীড়া সংগঠনসমূহৰ সৈতে আলোচনা কৰি বাৰ্ষিক ক্ৰীড়াপঞ্জী প্ৰস্তুত কৰাৰ নিৰ্দেশ দিয়ে । কাৰ্যকৰী সমিতিৰ বৈঠকত অসম অলিম্পিক সন্থাৰ উপ-সভাপতি অতুল বৰা , পীয়ুষ হাজৰিকা, ৰাণী নৰহ, বলীন চেতিয়া আৰু গুৰুজ্যোতি দাসৰ লগতে কাৰ্যকৰী সমিতিৰ অন্যান্য সদস্যসকলো উপস্থিত থাকে ।

Featured