সাৱধান! বেটছমেনৰ নিদ্ৰা হৰণ কৰিবলৈ আহিছে পাকিস্তানী ৭ ফুট ৬ ইঞ্চি উচ্চতাৰ বলাৰ

নিয়মীয়া বাৰ্তা, ১১ অক্টোবৰঃ এগৰাকী পাকিস্তানী বলাৰ। বয়স মাত্ৰ ২১ বছৰ। কিন্তু এইগৰাকী কমবয়সীয়া বলাৰেই সকলো বেটছমেনৰ মূৰৰ কামুৰণি হৈ আহিছে ফিল্ডলৈ। বিশ্বৰ সকলোতকৈ দীৰ্ঘদেহী পেচবলাৰ হিচাপে ক্ষাতি লাভ কৰা ২১ বছৰীয়া পাক বলাৰগৰাকীৰ নাম হৈছে মুদাসিৰ গুজ্জৰ। ইতিমধ্যে মুদাসিৰে পাকিস্তান ক্ৰিকেটত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

উল্লেখ্য যে প্ৰথমে মুদাসিৰ হাইস্কুল পঢ়ি থকাৰ সময়তে তেওঁৰ শৰীৰৰ অস্বাভাৱিক বৃদ্ধি হ’বলৈ ধৰে। চিকিৎসকৰ মতে হৰম’নৰ সমস্যাৰ বাবে মুদাসিৰৰ এই অস্বাভাৱিক উচ্চতা হয়।কিন্তু মুদাসিৰে তেওঁৰ এই উচ্চতাক হাথিয়াৰ হিচাপে লৈ ফাষ্টবলাৰ ৰূপে নিজকে তৈয়াৰ কৰে। ইপিনে ঘৰুৱা ক্ৰিকেটত তেওঁ সফলো হয় যাৰ বাবে পাকিস্তান চুপাৰ লীগ খেলাৰ সুবিধা লাভ কৰে মুদাসিৰে।

ফেব্রুৱাৰী মাহৰ পৰা আৰম্ভ হৈছিল পাকিস্তান চুপাৰ লীগ। কিন্তু ক’ৰোনাভাইৰাছৰ বাবে সেই টুর্নামেন্ট স্থগিত হৈ যায়। টুনামেন্টৰ বাকী ৰৈ যোৱা খেলসমূহ অহা ১৪ নৱেম্বৰৰ পৰা আৰম্ভ হ’ব।