পুনৰ যমজ সন্তানৰ পিতৃ হ’ব ৰ’নাল্ডো

নিয়মীয়া বাৰ্তা ৩০ অক্টোবৰঃ  পুনৰ পিতৃ হ’বলৈ সাজু হৈছে ক্রিষ্টিয়ানো ৰ’নাল্ডো৷ বিশ্ব ফুটবলৰ অন্যতম শ্রেষ্ঠ ষ্ট্রাইকাৰগৰাকীয়ে দ্বিতীয়বাৰৰ বাবে যমজ সন্তানৰ পিতৃ হ’ব বুলি ছ’চিয়েল মিডিয়াত নিজেই ঘোষণা কৰিছে৷ জীৱন সংগী জর্জিনাৰ সৈতে এক অন্তৰংগ মুহূর্তৰ ফটো আপলোড কৰি ৰ’নাল্ডোই যোৱানিশা ঘোষণা কৰে যে তেওঁলোকে যমজ সন্তানক আদৰিবলৈ উৎকণ্ঠাৰে অপেক্ষা কৰিছে৷ জর্জিনাৰ গর্ভত থিতাপি লোৱা যমজ সন্তানৰ আল্ট্রাছাউণ্ড ৰিপ’টৰ ফটোও তেওঁলোকে ছ’চিয়েল মিডিয়াত প্রকাশ কৰিছে৷

উল্লেখ্য যে ইয়াৰ পূর্বেও ৰ’নাল্ডোই যমজ সন্তানৰ পিতৃত্ব অর্জন কৰিছিল৷ ২০১৭ৰ জুনত ফুটবল তাৰকাগৰাকীৰ যমজ সন্তান ইভা আৰু মাটেওৰ জন্ম হৈছিল৷ অৱশ্যে এই সন্তানৰ মাতৃ জর্জিনা নাছিল৷ ৰ’নাল্ডোই ছাৰোগেচীৰ জৰিয়তে যমজ সন্তান দুটাৰ পিতৃ হৈছিল৷ ইয়াৰ পিছতে ২০১৭ৰ নৱেম্বৰত ৰ’নাল্ডোৰ প্রেয়সী জর্জিনাই প্রথমটো সন্তান এলেনা মার্টিনাক জন্ম দিয়ে৷ মন কৰিবলগীয়া যে ৰ’নাল্ডোৰ প্রথমটো সন্তান ক্রিষ্টিয়ানো জুনিয়ৰৰ বয়স এতিয়া ১১ বছৰ৷ মানচেষ্টাৰ ইউনাইটেডৰ ছুপাৰষ্টাৰগৰাকীয়ে এতিয়ালৈ ক্রিষ্টিয়ানো জুনিয়ৰৰ মাতৃ কোন, সেয়া বিশ্ববাসীক জানিবলৈ দিয়া নাই৷ শীঘ্রে আহিবলগীয়া সন্তান দুটাৰ সৈতে ৰ’নাল্ডো মুঠ ৬ সন্তানৰ পিতৃ হ’ব৷