Ricky Ponting-ৰ গৃহত চুৰি, গেৰেজৰ পৰা নোহোৱা হ’ল কেইবালাখ টকীয়া গাড়ী

নিয়মীয়া বাৰ্তা ৯ ফেব্ৰুৱাৰীঃ Australia-ৰ প্রাক্তন অধিনায়ক ৰিকি পন্টিঙৰ গৃহত দুঃসাহসিক চুৰি। জনা গৈছে, পন্টিঙৰ ঘৰৰ গেৰেজৰ পৰা গাড়ী লৈ উধাও হ’ল চোৰ। ইপিনে এই খবৰ পোৱা লগেলগে পন্টিংৰ চুৰি গাড়ীৰ সন্ধানত নামিল আৰক্ষী। অৱশ্যে শেষত সেই গাড়ীখন উদ্ধাৰ হয়।

জানিব পৰা মতে, পণ্টিংৰ চুৰি হোৱা গাড়ীখন কেম্বৰৱেল অঞ্চলৰ পৰা উদ্ধাৰ কৰা হৈছিল। তাৰ পূৰ্বে গাড়ীখন এজন লোকে বিপজ্জনকভাবে চলোৱা হৈছে বুলিও পথৰ চিচিটিভি ফুটেজত ধৰা পৰিছে। আৰক্ষীয়ে জনোৱা মতে, গাড়ীত দুজন অজ্ঞাত পৰিচয়ৰ ব্যক্তি আছিল। তেওঁলোকে পিছত ৰাস্তাৰ কাষত গাড়ীখন এৰি পলায়ন কৰিছিল।

আৰক্ষীয়ে ইতিমধ্যে পণ্টিংৰ মেলবৰ্নস্থিত বাসগৃহত এই দুঃসাহসিক চুৰিকাৰ্যৰ তদন্ত আৰম্ভ কৰিছে। কিন্তু এতিয়াও অচিনাক্ত লোক দুজনৰ সন্ধান লাভ কৰিব পৰা নাই আৰক্ষীয়ে।