বিশ্ববিজয়ী টীম ইণ্ডিয়ালৈ ১২৫ কোটি পুৰস্কাৰ বিচিচিআইৰ

বিশেষ বাৰ্তা, ১ জুলাই : দক্ষিণ আফ্রিকাক ৭ ৰানত পৰাজিত কৰি টি–২০ বিশ্বকাপ জয় কৰিলে ভাৰতে৷ সুদীর্ঘ ১৭ বছৰ পিছত পুনৰ টি–২০ বিশ্বকাপ নিজৰ দেশলৈ আনিলে টীম ইণ্ডিয়াই৷ পৰহি মাজনিশা ৰোহিত বাহিনীয়ে বিশ্বকাপৰ সুদৃশ্য ট্রফী দাঙি ধৰাৰ লগে লগে বিশ্বজুৰি আৰম্ভ হয় বিজয় উৎসৱ৷ এই সাফল্যৰ পুৰস্কাৰ লাভ কৰিবলৈ আগবাঢ়িছে ৰোহিত বাহিনী৷ দক্ষিণ আফ্রিকাক হৰুৱাই টি–২০ বিশ্বকাপ জয় কৰাৰ স্বীকৃতিস্বৰূপে দলৰ ক্রিকেটাৰ, প্রশিক্ষক আৰু সহায়ক কর্মীসকলৰ বাবে পুৰস্কাৰ ঘোষণা কৰিছে ভাৰতীয় ক্রিকেট ব’র্ডে৷ তেওঁলোকৰ বাবে ১২৫ কোটি টকাৰ আর্থিক পুৰস্কাৰ আগবঢ়োৱা হৈছে৷ এই কথা সদৰী কৰিছে ব’ৰ্ডৰ সচিব জয় শ্বাহে৷ উল্লেখ্য যে ফাইনেলৰ সময়ত খেলপথাৰত আছিল জয় শ্বাহ৷ বিশ্বকাপ বিজয়ৰ পিছত অধিনায়ক ৰোহিত শর্মাৰ হাতত বিশ্বকাপ ট্রফী তুলি দিয়ে তেওঁ৷ বিশ্বকাপ বিজয়ৰ পুৰস্কাৰ মূল্য হিচাপে ৰোহিত বাহিনীয়ে লাভ কৰিব ২৪ লাখ ৫০ হাজাৰ ডলাৰ৷ ভাৰতীয় মুদ্রাত এই টকাৰ মূল্য হ’ব ২০ কোটি ৩৬ লাখ৷ অর্থাৎ কোনো দলে আই পি এল জয় কৰিলে যি অর্থ লাভ কৰে তাতকৈও অধিক ধন পাইছে টীম ইণ্ডিয়াই৷ ইয়াৰ লগত সংযোজিত হ’ব বিচিচিআয়ে প্রদান কৰা ১২৫ কোটি টকা৷ নিজৰ এক্স হেণ্ডলত জয় শ্বাহে লিখিছে– আমি আনন্দেৰে জনাইছোঁ যে টি–২০ বিশ্বকাপ জয়লাভ কৰা ভাৰতীয় দলক ১২৫ কোটি আর্থিক পুৰস্কাৰ প্রদান কৰা হ’ব৷

Featured